Singapore Police:
ছিংগাপুৰৰ সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গ মৃত্যুৰ গোচৰ সম্পৰ্কত ছিংগাপুৰ আৰক্ষীয়ে অৱশেষত আনুষ্ঠানিকভাৱে জাৰি কৰিলে বিবৃতি ৷ বিবৃতিত ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰে যে এছপিএফে-এ ইতিমধ্যে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে জুবিন গাৰ্গ মৃত্যুৰ তদন্ত। প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ ষড়যন্ত্ৰৰ গোন্ধ পোৱা নাই এছপিএফে-এ ৷
ছিংগাপুৰৰ ক’ৰ’নাৰ্ছ আইন,২০১০ অধীনত তদন্তকাৰী সন্থাটোৱে অব্যাহত ৰাখিছে তদন্ত। তদন্ত সম্পন্ন হ’ব তিনিমাহৰ ভিতৰত ৷ তাৰ পিছত তদন্তৰ প্ৰতিবেদন এছপিএফে-এ দাখিল কৰিব ছিংগাপুৰৰ ৰাষ্ট্ৰীয় ক’ৰ’নাৰত ৷
আনহাতে শেহতীয়াকৈ জুবিন মৃত্যুৰ তদন্ত সন্দৰ্ভত বিভিন্ন প্ৰচাৰ মাধ্যমত ভূল আৰু ভিত্তিহীন বাতৰি প্ৰকাশ হৈ থকাত ক্ষোভ প্ৰকাশ কৰে ছিংগাপুৰ আৰক্ষীয়ে। ভুৱা বাতৰি বিয়পোৱাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ এছপিএফে-এ ৷ছিংগাপুৰ আৰক্ষীয়ে বিবৃতিত আৰু কয় যে, ছিংগাপুৰত জুবিন গাৰ্গৰ মৰনোত্তৰ পৰীক্ষাৰ ৰিৰ্পট ইতিমধ্যেই ছিংগাপুৰ প্ৰশাসনে ছিংগাপুৰস্থিত ভাৰতীয় দূতাবাসৰ হাতত অৰ্পণ কৰিছে ৷ একেদৰে দূতাবাসক তদন্ত অগ্ৰগতিৰ প্ৰাৰম্ভিক তথ্যও দিয়া হৈছে ৷
ADVERTISEMENT


































