Delhi :✒️প্ৰদূষণৰ পৰা যেন কোনো ৰেহাই নাই দিল্লীৰ। দীপাৱলীৰ পৰা বতাহত প্ৰদূষক পদাৰ্থৰ মাত্ৰা বৃদ্ধি আৰম্ভ হোৱাৰ পিছৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈয়েই আছে। চিপিচিবিৰ তথ্য অনুসৰি দেওবাৰে পুৱা সাত বজাত দিল্লীৰ একিউআই ৪৬১।
শনিবাৰে আছিল ৪৩১।অৰ্থাৎ আজিৰ পৰিস্থিতি কালিৰ তুলনাত আৰু শোচনীয়। আজি পুৱাৰে পৰা কুঁৱলীৰে আৱৰি ধৰিছে দিল্লী। কিছুমান অঞ্চলত দৃশ্যমানতা শূন্যত উপনীত হৈছে।
গড় একিউআই বা প্ৰদূষণৰ মাত্ৰা ৪৫০ৰ অলপ ওপৰত যদিও বহু অঞ্চলতে প্ৰায় ৫০০ স্পৰ্শ কৰিছে।ইয়াৰ ভিতৰত ৰোহিনী (৪৯৯), বাৱানা (৪৯৮), বিবেক বিহাৰ (৪৯৫), অশোক বিহাৰ (৪৯৩), ৱাজিৰপুৰ (৪৯২), নাৰেলা (৪৯২) আৰু আনন্দ বিহাৰ (৪৯১) অন্যতম।
এন চি আৰৰ বহু অঞ্চলৰ অৱস্থা অতি শোচনীয়। ইয়াৰ ভিতৰত নয়ডা (৪৭০), গাজিয়াবাদ (৪৬০), গুৰুগ্ৰাম (৩৪৮)। অৱশ্যে ফৰিদাবাদৰ পৰিস্থিতি তুলনামূলকভাৱে ভাল। অৱশ্যে তাতো স্তৰ ২২০ অৰ্থাৎ ‘বেয়া’ পর্যায়।
প্ৰসংগক্ৰমে দীপাৱলীৰ পৰা দিল্লীৰ বতাহ বিষাক্ত হৈ পৰিছে সেইবাবেই দিল্লী চৰকাৰে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিলে। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল। কিন্তু বৰষুণ নোহোৱাৰ দৰেই ।
অৱশ্যে তিনিটা বিফল পৰীক্ষাত ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু কোনো লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণ সূচকীয়ভাৱে বৃদ্ধি পাইছে।
আই পি এছৰ প্ৰাক্তন বিষয়া তথা বিজেপি নেতা কিৰণ বেদীয়ে কিছুদিন পূৰ্বে দাবী জনাইছিল যে ৰাজধানীৰ বৰ্তমানৰ পৰিস্থিতি ক’ভিড(Covid) ৰ স’তে তুলনাযোগ্য!
এনে পৰিস্থিতিত শিশু আৰু বৃদ্ধসকলৰ বাবে প্ৰদূষণ বিপদজনক হৈ পৰিছে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।
বহুতে চকুৰ সমস্যা আৰু ধাৰাবাহিক কাহৰ লক্ষণ দেখা দিছে। প্ৰশাসনে পানী ছটিয়াই প্ৰদূষণ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও পৰিস্থিতিৰ উন্নতি হোৱা নাই।






























