Amguri Protest:
কংগ্ৰেছত যোগ দিয়েই আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ বিতৰ্কিত মন্তব্যক লৈ উত্তাল উজনি অসম ৷ ন -কংগ্ৰেছ গৰাকীৰ এনে মন্তব্যক লৈ উজনি কে’বাটাও জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ ৷ অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউল কৰিমক৷
সোমবাৰে জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজআলিত চোঁচৰাই লৈ ফুৰে । ইয়াৰোপৰি প্ৰতিকৃতিটো গছত ওলোমাই লৈ লঠিয়াই, গুৰিয়াই, থু পেলাই ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ পিছত প্ৰতিকৃতিটো ৰাজপথত দাহ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উজনিক লৈ ৰেজাউল কৰিম সৰকাৰক তিৰ্যক মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে অসমীয়া যুৱ মঞ্চৰ নেতৃবৃন্দই ৷



































