ইন্দোৰত বিষাক্ত পানীৰ ফলত মৃত্যুৰ ঘটনাৰ আতংক শেষ নহওঁতেই মধ্যপ্ৰদেশৰ খৰগোন জিলাত পুনৰ একে ধৰণৰ আশংকা দেখা দিছে। খৰগোন জিলাৰ মণ্ডলেশ্বৰ পৌৰসভাৰ আঠ নম্বৰ ৱাৰ্ডত পানী পান কৰাৰ পাছত ১৪ জন লোক অসুস্থ হোৱা বুলি স্থানীয় সূত্ৰই জনাইছে।
অসুস্থ লোকসকলৰ বমি, মূৰৰ ঘূৰণি আৰু পেটৰ বিষৰ দৰে উপসৰ্গ দেখা দিছে। ঘটনাৰ পাছতেই অঞ্চলবাসীৰ মাজত আতংক বিয়পি পৰিছে, কিয়নো ইন্দোৰৰ বিষাক্ত পানীৰ ঘটনাটো এতিয়াও সকলোৰে মনত সতেজ।
স্থানীয় সংবাদমাধ্যমৰ তথ্য অনুসৰি, ইজনৰ পাছত সিজন লোক অসুস্থ হোৱাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ আধিকাৰীসকল ঘটনাস্থলীত উপস্থিত হয়।
স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে অসুস্থসকলৰ চিকিৎসা আৰম্ভ কৰে আৰু প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে।
তহচিলদাৰ সঞ্জয় বাবেলে জানিবলৈ দিয়া মতে, আঠ নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলে খোৱা পানীৰ স’তে লেতেৰা পানী মিহলি হোৱাৰ অভিযোগ জনোৱাৰ পাছতেই সমগ্ৰ পাইপলাইন পৰীক্ষা কৰা আৰম্ভ কৰা হৈছে। পাইপলাইনৰ কোনো অংশত ফাট আছে নে নাই তাকো পৰীক্ষা কৰা হৈছে।
স্থানীয় বাসিন্দাসকলৰ অভিযোগ, যোৱা তিনিৰ পৰা চাৰি দিন ধৰি কেবাজনো লোক অসুস্থ হৈ আছে। আনফালে, মেয়ৰ পাৰিষদ নিতিন পতিদাৰে দূষিত পানী পান কৰাৰ ফলতেই ১৪ জন লোক অসুস্থ হোৱা বুলি স্বীকাৰ কৰিছে আৰু সকলোৰে চিকিৎসা চলি আছে বুলি জানিবলৈ দিয়ে।






























