Cockfighting:✒️অন্ধ্র প্রদেশৰ পশ্চিম গোদাবৰী জিলাত সম্প্ৰতি সংক্রান্তি উপলক্ষে আয়োজিত কুকুৰা যুঁজত এজন ব্যক্তিয়ে ১.৫৩ কোটি টকা জয় কৰিলে।
এই জয়ক এক অভিলেখ অভিহিত কৰা হৈছিল। ৰাজামুন্দ্রি ৰমেশ নামৰ উক্ত ব্যক্তিজনে তাডেপল্লীগুডেমত আয়োজিত কুকুৰা যুঁজত নিজৰ কুকুৰাক যুঁজ কৰাই এই বৃহৎ ধনৰাশি অর্জন কৰিলে।
কুকুৰা যুঁজত ৰমেশ আৰু গুদিবাৰা প্রভাকৰে নিজৰ কুকুৰাক প্রতিযোগিতাত অবতীর্ণ কৰাইছিল। কুকুৰাৰ ভৰিত ছুৰী বান্ধি দিয়া হৈছিল। যুঁজত মুঠ ১.৫৩ কোটি টকাৰ বাজি ধৰা হৈছিল।
দীর্ঘ সময় ধৰি হোৱা কুকুৰাৰ যুঁজত ৰমেশৰ কুকুৰাটো জয়ী হৈছিল। ইয়াৰ জৰিয়তে ৰমেশে বাজিৰ ১.৫৩ কোটি টকা লাভ কৰিলে। অন্ধ্র প্রদেশৰ বহু অঞ্চলত সংক্রান্তি উপলক্ষে পৰম্পৰাগত কুকুৰা যুঁজৰ আয়োজন কৰা হয়। এই কুকুৰা খুঁজে ৰমেশক নিশাটোৰ ভিতৰতে কোটিপতিত পৰিণত কৰিলে।






























