অন্ধ্ৰপ্ৰদেশৰ কাৰ্ণুল জিলাত বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এখন বলেৰ’ বাহন আৰু এখন ৰেডিমিক্স ল’ৰীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বৰ্তমানলৈকে কমেও আঠ জন লোকৰ মৃত্যু হৈছে আৰু আন ১২ জন লোক গুৰুতৰভাৱে আহত হৈছে।
তথ্য অনুসৰি দুৰ্ঘটনাটো মন্ত্ৰালয়ম মণ্ডলৰ চিলালাডোনা অঞ্চলত সংঘটিত হৈছে। ঘটনাস্থলীতেই পাঁচজন লোকৰ মৃত্যু হয়, আনহাতে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন তিনি জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, বলেৰ’ বাহনখনত থকা যাত্ৰীসকল কৰ্ণাটকৰ চিকমাগালুৰৰ মন্ত্ৰালয়মস্থিত শ্ৰী ৰাঘবেন্দ্ৰ স্বামীৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল। কিন্তু গন্তব্যস্থানত উপস্থিত হোৱাৰ আগতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলায় আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে, এই ঘটনাৰ সম্পৰ্কে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
প্ৰত্যক্ষদৰ্শীয়ে এই দুৰ্ঘটনাত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। অৱশ্যে, এই বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।
তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই ভয়ংকৰ দুৰ্ঘটনাৰ সঠিক কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।






























