Sivsagar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–সকলো উৎকণ্ঠাৰ অন্তত শিৱসাগৰ সমষ্টি পৰা বিজেপিৰ প্ৰাৰ্থীত্ব পাবলৈ সক্ষম হ’ল কুশল দুৱৰীয়ে ৷ অৰ্থাৎ শিৱসাগৰত নিশ্চিত হ’ল অগপ-বিজেপিৰ বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা ৷ ইতিমধ্যেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰা দুৱৰীৰ প্ৰতিনিধিয়ে সংগ্ৰহ কৰিলে দলীয় টিকট ৷ আনকি দুৱৰীয়ে প্ৰাৰ্থীত্ব লাভৰ পিছতে কুশল দুৱৰীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত পোষ্ট শিক্ষামন্ত্ৰী ড:ৰণোজ পেগুৰ ৷
উল্লেখ্য যে শিৱসাগৰৰ আসন খন মিত্ৰতাসূত্ৰে বিজেপয়ে এৰি দিছিল অগপক ৷ সেই অনুসৰি দলটোৰ প্ৰাৰ্থীত্ব লাভ কৰে পূৰ্বৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ অগপক আসন খন এৰি দিয়াৰ পিছতো সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ কুশল দুৱৰীয়ে শীৰ্ষ নেতৃত্বৰ স’তে আলোচনাত মিলিত হয় ৷যাৰবাবে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আমগুৰিত প্ৰদীপ হাজৰিকাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় ৷ একেদৰে অগপৰ সভাপতি অতুল বৰাৰ স’তেও মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বাৰ্তালাপ কৰে ৷
এনে ঘটনাক্ৰমৰ মাজতে দেওবাৰে নিশাই বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হয় কুশল দুৱৰীক । এতিয়া সমষ্টিটোত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা অনুসৰি সন্মুখ সমৰত অৱতীৰ্ণ হ’ব বিজেপি অগপৰ দুই প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰীয়ে ৷ উল্লেখ্য যে আজিয়ে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে দাখিল কৰিব মনোনয়ন ৷






























