Supreme Court:✒️খ্রীষ্টানলৈ ধৰ্মান্তৰিত অনুসূচিত জাতিৰ লোকে তাৎক্ষণিকভাৱে জাতিগত সংৰক্ষণৰ সুবিধা হেৰুৱাব। অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দান বাহাল ৰাখি কালি উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে।
অৱশ্যে হিন্দু, বৌদ্ধ আৰু শিখলৈ ধর্মান্তৰিত হ’লে অনুসূচিত জাতিৰ লোকে সংৰক্ষণৰ সুবিধা নেহেৰুৱায় বুলিও ন্যায়ালয়ে মন্তব্য কৰে। আজি ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্র আৰু এন ভি অঞ্জাৰিয়াৰ এখন দুজনীয়া বিচাৰপীঠে এই ৰায়দান কৰি কয়, ‘হিন্দু, বৌদ্ধ আৰু শিখসকলৰ বাহিৰে আন ধৰ্মাৱলম্বীৰ লোকে অনুসূচিত জাতিৰ সংৰক্ষণ দাবী কৰিব নোৱাৰে। এই তিনি ধৰ্মক বাদ দি আন ধর্মলৈ ধৰ্মান্তৰিত হোৱা অনুসূচিত জাতিৰ লোকে তাৎক্ষণিকভাৱে জাতিগত সংৰক্ষণৰ সুবিধা হেৰুৱাব। ‘
সংবিধান (অনুসূচিত জাতি) নিৰ্দেশ ১৯৫০ৰ প্ৰসংগ উল্লেখ কৰি দুজনীয়া বিচাৰপীঠখনে এই ৰায়দান কৰে। উক্ত নির্দেশত এনে ধৰ্মান্তৰিত লোকে অনুসূচিত জাতিৰ সংৰক্ষণ লাভ নকৰে বুলি উল্লেখ আছে।
ৰায়দানৰ সময়ত বিচাৰপীঠে লগতে কয়, ‘এই ক্ষেত্রত নিষেধাজ্ঞা পৰম আৰু ব্যতিক্রম বুলি কোনো সুযোগ নাই। হিন্দু, শিখ আৰু বৌদ্ধ ধৰ্মৰ বাহিৰে আন ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকে অনুসূচিত জাতিৰ সংৰক্ষণৰ সুবিধা দাবী কৰিব নোৱাৰে। এনে এজন ব্যক্তিক অনুসূচিত জাতিৰ সদস্য বুলিও ধৰা নহ’ব।’
ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে এনেদৰে ধৰ্মান্তৰিত লোক এজনে অনুসূচিত জাতি-জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনতো গোচৰ ৰুজু কৰিব নোৱাৰে। উল্লেখ্য যে খ্রীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হোৱা এজন পাদুৰীয়ে উক্ত আইনৰ অধীনত ৰুজু কৰা এটা গোচৰ খাৰিজ কৰি অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছিল যে খ্রীষ্টানলৈ ধৰ্মান্তৰিত অনুসূচিত জাতিৰ লোকে পূর্বে পোৱা জাতিগত সংৰক্ষণ লাভ নকৰে। পাদুৰীজনে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও উচ্চতম ন্যায়ালয়ে তেওঁক বিমুখ কৰে।
অর্থাৎ উচ্চতম ন্যায়ালয়ে অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখে। আনহাতে ন্যায়ালয়ৰ এই ৰায়ক লৈ দেশজুৰি মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।






























