Manipur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাই পৰিস্থিতি অধিক উত্তেজনাময় কৰি তুলিছে।শুকুৰবাৰে ৰাজ্য খনৰ উখৰুল জিলাৰ লিটান আৰক্ষী থানাৰ অন্তৰ্গত মংকট ছেপুত কুকি আৰু নগা বিদ্ৰোহী গোটৰ মাজত হোৱা গুলীয়াগুলীত কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় বিএছএফৰ ১৭০ নং বেটেলিয়নৰ কনিষ্টবল মিথুন মণ্ডলৰ ৷
উল্লেখ্য যে প্ৰথমে গুলীবিদ্ধ হৈছিল জোৱানজন। তেওঁক ততাতৈয়াকৈ ইম্ফলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও সন্ধিয়া চিকিৎসাধীন অৱস্থাতে আঘাতপ্ৰাপ্ত জোৱানজনৰ মৃত্যু হয়।এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে ৷ আনহাতে কেন্দ্ৰীয় বাহিনীৰ নিৰাপত্তাক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় লোকে ।






























