Accident in Amoni:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁৱৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ নির্বাচনী কর্তব্যত নিয়োজিত আৰক্ষী জোৱান৷ আমনিৰ SIPRDত স্থাপিত অস্থায়ী শিবিৰত বাহৰ পাতি থকা 12 APBN-ত কৰ্মৰত সাগৰ হাঞ্চে বৃহস্পতিবাৰে সন্ধিয়া আমনি বজাৰত বজাৰ কৰিবলৈ গৈ সময়ত দ্ৰত বেগত অহা এআৰ০১-টি ৭৭৫৬ নম্বৰৰ অৰুণাচলৰ পঞ্জীয়নভুক্ত আাৰ্টিকা বাহন খনে মহতিয়াই নিয়ে৷ফলত থিতাতে নিহত হয় দুৰ্ভগীয়া জোৱানজন৷ পিছত ঘটনা মিছা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে এনএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে৷ একেদৰে বাহন খনৰ চালকজনকো আটক কৰে। মৃত্যু আৰক্ষী জোৱানজনৰ ঘৰ কলিয়াবৰত ৷































