মেষ: আর্থিকভাৱে দিনটো শুভ। পৰিয়ালৰ স’তে চলি থকা যিকোনো সমস্যাৰ সমাধান হ’ব। প্রেমত বাধা আহিব পাৰে। বিদ্যার্থীসকলৰ বাবে বহু বেছি ভাল নহয়।
বৃষ: দিনটোৰ বেছিভাগ সময় পৰাপক্ষত ঘৰুৱা সদস্যসকলৰ লগত কটাওক। মানসিক শান্তিৰ বাবে ধর্মীয় স্থানলৈ যোৱাটো ভাল। বিদ্যার্থীসকলে তেওঁৰ পঢ়া-শুনাত গুৰুত্ব দিয়ক।
মিথুন: আজিৰ দিনটোত যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ’লে কৰিব পাৰিব। যানবাহন চলোৱা লোকসকলে আজি সাৱধানে যানবাহন চলাব।
কর্কট: সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। দিনটো শুভ ফলদায়ক হ’ব।নতুন ব্যৱসায়ৰ পৰিকল্পনা নকৰিব।
সিংহ: সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ। শৰীৰ স্বাস্থ্যৰ উন্নতি। ব্যৱসায়-বাণিজ্যৰ জৰিয়তে উন্নতিৰ যোগ। টকা-পইচাৰ ক্ষেত্ৰত সাৱধানে থাকক। মানসিক দিশত হেঁচা পৰিব পাৰে।
কন্যা: ব্যৱসায়-বাণিজ্যত বাধা-বিঘিনি আহিব যদিও প্রয়োজনীয় মূলধনৰ কাৰণে চিন্তা থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আর্থিকভাৱে আয় বৃদ্ধি পাব।
তুলা: কর্মক্ষেত্রত লাভ হ’ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত আজি দিনটো বহু বেছি ভাল নহয়। ব্যৱসায়ীসকলৰ ব্যৱসায়-বাণিজ্যৰ জৰিয়তে আর্থিক উন্নতিৰ লগত সম্মান বৃদ্ধিৰ যোগ।
বৃশ্চিক: পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফল পাব। মা-দেউতাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্রেমত শুভ। ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আয় বৃদ্ধিৰ যোগ। ঘৰৰ পৰা আর্থিক দিশত বাধা আহিব পাৰে।
ধনু: সাংসাৰিক দিশত শান্তি থাকিব যদিও সন্তানৰ বাবে চিন্তা বৃদ্ধি কাৰক। ব্যৱসায় বা কর্মক্ষেত্রত বাধা আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি কাম কৰিব। স্বাস্থ্য অশান্তি হ’ব পাৰে।
মকৰ: আজি আপোনাৰ প্ৰিয় বন্ধুৰ ব্যৱহাৰে আপোনাক আঘাতপ্রাপ্ত কৰিব। চাকৰিৰ স্থান সলনি হ’ব পাৰে। কর্মক্ষেত্ৰত মানসিকভাৱে হেঁচা পৰিব পাৰে।
কুম্ভ: পুৱাৰ ভাগৰ পৰা শৰীৰত কিছু ধৰণৰ অশান্তি হ’ব পাৰে। সন্তানৰ শুভকৰ্মৰ কাৰণে সমাজৰ আগত সন্মানিত হ’ব। ঘৰুৱা অশান্তি হ’ব পাৰে।
মীন: কৰ্মস্থানৰ যোগেদি বিদেশলৈ ভ্ৰমণৰ যোগ। বিবাহৰ ক্ষেত্ৰত বেছি সময় নষ্ট নকৰিব। বিদ্যার্থীসকলৰ বাবে শুভ। সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।






























