Daily Horoscope:দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্রত জটিলতা থাকিব যদিও সাফল্য আহিব। আর্থিক আয় উন্নতিৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব। দুপৰীয়াৰ পাছত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব। ঘনিষ্ঠ বন্ধুৰ পৰা সতৰ্কতা অবলম্বন কৰিব।
বৃষ: বিশেষ কোনো কামৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। সামাজিক কর্মত সাফল্য আহিব। অযথা মানসিক চিন্তা বৃদ্ধিৰ ফলত পাৰিবাৰিক সমস্যা দেখা দিব পাৰে। আয় উন্নতিৰ বাবে দিনটো শুভ।
মিথুন: কর্মক্ষেত্রত অশান্তি বৃদ্ধি পাব। শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। নতুন কামত হাত নিদিব। সন্তানৰ শৰীৰৰ কাৰণে চিন্তা আৰু অর্থ ব্যয়।
কর্কট: মানসিক চঞ্চলতাৰ কাৰণে দৈনন্দিন কামৰ ক্ষতি। আর্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব। নিজৰ ভুলৰ কাৰণে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। বিশিষ্ট লোকৰ সহায়ত নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ যোগ।
সিংহ: কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। ঘনিষ্ঠ বন্ধুৰ লগত কিবা বিষয় লৈ ভুল বুজাবুজি হ’ব পাৰে। ব্যৱসায়ত শুভ যদিও যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত মতানৈক্য হ’ব পাৰে।
কন্যা: চাকৰিৰ ক্ষেত্ৰত অপ্রত্যাশিতভাৱে জটিলতা দেখা দিব পাৰে। ব্যৱসায়-বাণিজ্যত আগতকৈ ভাল ফল আশা কৰিব পাৰে। নতুন যোগাযোগত সাফল্য আহিব।
তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। পৰিশ্ৰমৰ তুলনাত আয় কম হ’ব। পত্নীৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থ ব্যয়। গুৰুত্ব নিদিয়াৰ কাৰণে একাধিক সুযোগ হাত এৰা হ’ব পাৰে।
বৃশ্চিক: কর্মক্ষেত্রত সহকৰ্মীৰ লগত মতবিৰোধ হ’ব পাৰে। মনৰ আশা পূৰণৰ যোগ। ভবা মতে আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। বিষয় সম্পদলৈ পাৰিবাৰিক অশান্তি।
ধনু: কর্মক্ষেত্রত সম্মান প্রাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। অধিক খং আৰু জেদৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। কৰ্মক্ষেত্ৰত ভ্ৰমণৰ সুযোগ আহিব পাৰে।
মকৰ : সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিজৰ শৰীৰৰ বিষয়ে সতর্ক হ’ব লাগিব। নিজৰ ঘনিষ্ঠ লোকে শত্রুতা কৰিব পাৰে। শত্রুবে প্রতিমুহূৰ্তত বাধা দিয়াৰ চেষ্টা কৰিব।
কুম্ভ: কর্মক্ষেত্রত সহকর্মীৰ পৰা মানসিক আঘাত পাব পাৰে। অপৰিচিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব যদিও সেই অনুপাতে ফল নাপাব।
মীন: চাকৰিৰ ক্ষেত্ৰত উন্নতি। পাৰিবাৰিক বিষয় লৈ কাজিয়া-পেচাল হ’ব পাৰে। বন্ধুৰ কামত ব্যস্ত থকাৰ ফলত নিজৰ কামৰ ক্ষতি। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আর্থিকত বিশেষ শুভ নহয় যদিও একেবাৰে বেয়াও নহ’ব।
ADVERTISEMENT






























