Today’s Horoscope: দিনটোৰ ৰাশিফল
মেষ: হাতত লোৱা পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে। খং দমন কৰি চলক। মন্দিৰত চাকি-ধূপ জ্বলাব। শুভ ৰং ৰঙা।
বৃষ: সমাজ সেৱামূলক কামত যোগদান কৰিলে মানসিক শান্তি পাব। প্ৰেমত শুভ যদিও বদনামৰ কাৰকতা আছে। শুভ ৰং বেঙুনীয়া।
মিথুন: উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। প্রেমত শুভ। শুভ ৰং কমলা।
কর্কট: কাজ-কর্মত উৎসাহ বৃদ্ধি পাব। ভ্ৰমণৰ পৰিকল্পনা পূৰ্ণ হ’ব পাৰে। বিদ্যার্থীসকলৰ শুভ যদিও যত্ন কৰা দৰকাৰ। শুভ ৰং হালধীয়া।
সিংহ: দূৰ ভ্ৰমণ কৰিব পাৰে। সন্তানৰ বাবে চিন্তা। প্ৰেমত অশুভ। ভিক্ষাৰীক দান দিব। শুভ ৰং সোণালী।
কন্যা: ঘৰুৱা অশান্তি। পতি-পত্নীৰ মাজত মত বিৰোধ। মাতৃৰ বাবে চিন্তিত। প্রেমত অশুভ। শুভ ৰং ক’লা।
তুলা: শিক্ষাৰ্থীৰ বাবে সুযোগ সুবিধা আহিব। শাৰীৰিক দিশত বিশেষকৈ খোৱা-বোৱাত অলপ সাৱধানে চলিব। প্ৰেমত সন্দেহ। শুভ ৰং মেৰুণ।
বৃশ্চিক: ব্যৱসায়ীসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। নিবনুৱাসকলৰ কৰ্ম লাভৰ যোগ। শুভ ৰং সেউজীয়া।
ধনু : দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধিৰ সম্ভাৱনা। প্রেমত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং চিলভাৰ।
মকৰ: নতুন কৰ্ম লাভ। মানসিক কষ্ট পাব। উদৰ পীড়া। প্ৰেমত অশুভ। শুভ ৰং ক’লা।
কুম্ভ: ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। চাকৰিয়ালৰ অশান্তি হ’ব। বিদ্যাৰ্থীসকলৰ শুভ। পাৰিলে ভ্রমণ নকৰাই ভাল। শুভ ৰং সুমথিয়া।
মীন: সংসাৰত ব্যয় বৃদ্ধিৰ ফলত চিন্তা বাঢ়িব। ছাত্র-ছাত্রী বাবে সমস্যাই দেখা যাব। ব্যৱসায়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্রেমত শুভ। শুভৰং বগা।
































