Today’s Horoscope: দিনটোৰ ৰাশিফল
মেষ: সাধধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰীৰ বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেমত বিবাদ। শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।
বৃষ: উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব। ব্যৱসায়ত বেয়া নহ’ব। শুভ ৰং বগা, শুভ সংখ্যা ৩।
মিথুন: সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যন্ত শুভ কথাতো আপুনি সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুৰ্বলতা
থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
কর্কট: ফৰকাল অনুভৱ কৰিব। কর্মক্ষেত্রতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক
কথাত যোগদান। শুভ ৰং সোণালী, শুভ সংখ্যা ৭।
সিংহ: আনন্দপ্রাপ্তিৰ যোগ। কোনো কর্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাধা কম। ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
কন্যা: আকস্মিক অর্থপ্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। শৰীৰৰ খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।
তুলা: দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা ৰাখক। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।
বৃশ্চিক: আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈস্পিত আশা পূৰণৰ কাৰক। কর্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪।
ধনু: শৰীৰ সম্পৰ্কে অলপ সচেতন থাকক। আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক। দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
মকৰ : উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আনন্দ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
কুম্ভ: কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও
ভবা শুনা কৰি ল’ব। কর্মত নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি পাব। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলিমেলি থাকিব। শুভ ৰং কমলা, শুভ সংখ্যা ৬।
মীন: পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। শুভ কর্ম সম্পাদন।
আর্থিকত মজলীয়া। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
ADVERTISEMENT
































