ডিগবৈত তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে
ডিগবৈ: অসমত কংগ্ৰেছ চৰকাৰৰ শাসন কালত ৫২ লাখ কোটি টকা মন্ত্ৰী, বিধায়কে মিলি আত্মসাৎ কৰি ইতিহাস ৰচনা কৰিলে। কেৱল অসমতেই ইণ্ডিৰা আৱাস যোজনাৰ নামত তিনি লাখ কোটি টকা আত্মসাৎ কৰি দুখীয়াৰ নামত অহা বাসগৃহ লাভৰ পৰা বঞ্চিত কৰাই নহ’য়, চাৰে চাৰি লাখ কোটি টকা ভুৱা জৱকাৰ্ডৰ নামত, পোন্ধৰ লাখ কোটি টকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত অহা চাউলৰ ধনৰাশি, শিশু খাদ্যৰ নামত ন লাখ কোটি টকা আত্মসাৎ কৰি ৰাইজক চুড়ান্ত প্ৰতাৰণা কৰিলে। কংগ্ৰেছৰ শাসন কালত মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী, বিধায়কে অসমৰ ৰাজ ভড়ালৰ ধনৰ শৰাধ পতা চৰকাৰখনে ৰাজধৰ্ম পালন কৰিব নোৱাৰিলে। তেওঁলোকৰ ৰাষ্ট্ৰীয় চৰিত্ৰ নাই, দেশভক্তি নাই। কেৱল নিৰ্বাচনৰ সময়ত প্ৰলোভনৰ ৰাজনীতি কৰি দেশ শাসন নামত চৰকাৰী ধনেৰে নিজৰ ভোগ-বিলাস কৰাৰ বাহিৰে আজিলৈকে একো কৰা নাই। – আজি ডিগবৈত অনুস্থিত ৰামেশ্বৰ তেলীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ভাষণত কয়। ১৯৬২ ত চীনৰ ভাৰত আক্ৰমণৰ প্ৰসঙ্গক লৈ তেতিয়াৰ দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক কটাক্ষ কৰি কয় যে, ১৯৬২ ত চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত উত্তৰ-পূৰ্ব্বাঞ্চলৰ জনতা দিশহাৰা হৈ পৰিছিল। তেতিয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাইজক শত্ৰুৰ হাতত গটাই দিছিল। কিন্তু বিজেপিৰ শাসন কালত পুলামুৱাত যেতিয়া ভাৰতীয় চিআৰপিএফ জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলালে তাৰ পোটক এনেদৰে ললে যে ১৬০ কিলোমিটাৰ গৈ বালাকোটত পাকিস্তানী সন্ত্ৰাসবাদী শিৱিৰ ধ্বংস কৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মৰ্য্যদা অটুত ৰাখিলে, দেশৰ সাৰ্ব্বভৌমত্ব অক্ষুন্ন ৰাখিলে, সেয়াই গোটেই বিশ্বত প্ৰমাণিত কৰিলে যে ভাৰতবৰ্ষৰ সৰ্ব্বকালৰ সৰ্ব্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী জনেই হ’ল নৰেন্দ্ৰ মোদী। সভাত মুখ্যমন্ত্ৰীয়ে অসমত এইবাৰ নিৰ্বাচনত চৈধ্যখন আসনৰ ভিতৰত বাৰখন আসনতেই জয়লাভ কৰিব বুলিও মন্তব্য কৰে।