Maguri Beel:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:টেঙাখাতৰ আইটিএফ কেন্দ্ৰৰ শেহতীয়া ভয়ানক বিস্ফোৰণ-অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই অইল ইণ্ডিয়া লিমিটেডৰ চৰম গাফিলতিত সংঘটিত আন এক ভয়াৱহ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। কোম্পানীটোৰ তৈল পৰিবাহী পাইপ ফুটি এইবাৰ ধ্বংসৰ গৰাহত পৰিছে তিনিচুকীয়া জিলাৰ ঐতিহ্যমণ্ডিত পৰ্যটনস্থলী তথা জৈৱ বৈচিত্র্যৰ ভঁৰাল মতাপুং মাগুৰী বিল।
তিনিচুকীয়া জিলাৰ ডিপো লাইন বাৰেকুৰি-হাতীজান-শিলিখা সংযোগী দলঙৰ ওচৰত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপলাইন ফুটাৰ ফলত বিগত কে’বাদিনো ধৰি অবিৰতভাৱে খাৰুৱা তেল নির্গমন হৈ আছে। ফলত ক’লা চামনিৰে ঢাক খাইছে ডিব্ৰু নদীৰ পানী।

ডিব্ৰু নদীৰ পৰা এই তেল পোনে পোনে গৈ পৰিছে মতাপুং মাগুৰী বিলত। ফলত বিলখনৰ পানী এতিয়া ক’লা তৈলাক্ত চামনিৰে ভৰি পৰিছে। মতাপুং মাণ্ডবী বিল কেৱল এখন বিল নহয়, ই হেজাৰ পৰিয়ালৰ জীৱনৰেখা। বাৰেকুৰি অঞ্চলৰ প্ৰায় সহস্রাধিক পৰিয়ালে বছৰ বছৰ ধৰি ডিব্ৰু নদী আৰু মতাপুং মাগুৰী বিলত মৎস্য চিকাৰ কৰি জীৱিকা অৰ্জন কৰি আহিছে।
আজি সেই পৰিয়ালসমূহৰ জীৱনলৈ চৰম ভাবুকি নামি আহিছে। তেলৰ প্ৰদূষণত জলচৰ প্রাণী, মাছ, বিৰল চৰাই-চিৰিকটিৰ ব্যাপক ক্ষতিসাধন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বাৰেকুৰিৰ পৰা বাঘজানলৈকে ডিব্ৰু নৈৰ ওপৰেৰে এই তৈল পৰিবাহী পাইপ স্থাপন কৰাৰ সময়তেই ৰাইজে তীব্র বিৰোধিতা কৰিছিল। নদীৰ ওপৰেৰে মুকলিকৈ, কোনো সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ পাইপ স্থাপন নকৰিবলৈ ৰাইজে বাৰে বাৰে সকীয়াই দিছিল কিন্তু অইল ইণ্ডিয়াই কেৱল নিজৰ মুনাফা আদায়ৰ স্বার্থত, তৃতীয় পক্ষক সাঙুৰি ৰাইজৰ মতক আওকাণ কৰি জোৰকৈ পাইপ স্থাপন কৰিলে। ৰাইজৰ আশংকাই আজি সত্য ৰূপ ল’লে।
আটাইতকৈ হাস্যকৰ কথাটো হ’ল যে এই ভয়ংকৰ তৈল প্রদূষণ ৰোধ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডে যি কৌশল লৈছে, সেয়া দেখি বহুতে মুৰে-কপালে হাত দিছে। হেজাৰ কোটি টকাৰ মুনাফা অৰ্জন কৰা, অত্যাধুনিক প্রযুক্তিৰ কথা কোৱা ৰাষ্ট্ৰীয় পর্যায়ৰ কোম্পানীটোৱে বৈ যোৱা ডিব্ৰু নদীত সামান্য জাল পেলাই ক’লা তৈলাক্ত চামনি ৰখাবলৈ চেষ্টা কৰিছে। বৈ যোৱা পানীত নেট লগাই ক্রুড অইল নিষ্কাসন কৰাটো কেবল হাস্যকৰেই নহয়, ই অইল ইণ্ডিয়াৰ দৰে এটা মহাৰত্ন কোম্পানীৰ চৰম অবৈজ্ঞানিক, ব্যর্থ আৰু কাণ্ডজ্ঞানহীন মানসিকতাকহে প্রতিফলিত কৰিছে।
এই দৃশ্যই প্রমাণ কৰে যে কোম্পানীটোৰ হাতত কোনো আপদকালীন পৰিকল্পনা নাই, কোনো আধুনিক সঁজুলি নাই। কেৱল মানুহক দেখুওৱাবৰ বাবে নেট লগাই দায়িত্ব সামৰিব খোজা এই কার্যই অইল কর্তৃপক্ষক ৰাইজৰ ওচৰত চৰম লজ্জানত কৰিছে। এয়া প্রথম ঘটনা নহয়। ইয়াৰ পূৰ্বে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডই সমগ্র বিশ্বকে জোঁকাৰি গৈছিল, য’ত অইলৰ গাফিলতিৰ বাবে এটা অঞ্চলৰ পৰিৱেশ, মানুহৰ ঘৰ-বাৰী সকলো জ্বলি ছাৰখাৰ হৈ গৈছিল। একেদৰে টেঙাখাতৰ অগ্নিকাণ্ডয়ো অইলৰ দায়িত্বহীনতাৰ প্ৰমাণ দাঙি ধৰিছিল।
ইমানবোৰ ডাঙৰ দুৰ্ঘটনাৰ পাছতো অইল ইণ্ডিয়াই জনসাধাৰণ আৰু জৈৱ বৈচিত্র্যৰ প্রতি অকণো সহানুভূতি প্রদর্শন কৰা নাই। অইল ইণ্ডিয়াই কেবল তেল খান্দি মুনাফা লুটাৰ কথা চিন্তা কৰে, কিন্তু সেই তেলৰ বাবে তেজ-ঘাম দিয়া স্থানীয় ৰাইজৰ জীৱন আৰু প্ৰকৃতিৰ সুৰক্ষাৰ কথা এবাৰো ভবা নাই। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া বাৰে কুৰিৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত তীব্র চাঞ্চল্য আৰু ক্ষোভে বিৰাজ কৰিছে। স্থানীয় দল-সংগঠন আৰু ৰাইজে অতি শীঘ্ৰে ডিব্ৰু নদী আৰু মাগুৰী বিলৰ পৰা ক্রুড অইল নিষ্কাসন কৰা আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে।
ADVERTISEMENT






























