ইউৰোপত বিপৰ্যয়ৰ নতুন কেন্দ্ৰ স্পেইন
মাৰাত্মক কৰ’না ভাইৰাছৰ প্ৰকোপে এতিয়াও ইউৰোপত মৃত্যুলীলা অব্যাহত ৰাখিছে। ইটালীৰ পাছত এইবাৰ স্পেইন ইউৰোপৰ বিপৰ্যয়ৰ দ্বিতীয় কেন্দ্ৰত পৰিণত হৈছে।এই দেশত কৰ’না আক্রান্তৰ সংখ্যা ৪৭,৬১০ জন বুলি স্পেইনৰ স্বাস্থ্য মন্ত্ৰনালয়ে তথ্য প্ৰকাশ কৰিছে। চাৰি সহস্ৰাধিক লোক নতুনকৈ আক্রান্ত হোৱাৰ লগতে মৃতকৰ সংখ্যা হৈছে প্ৰায় দুহেজাৰতকৈ অধিক। অন্যহাতে স্পেইনৰ উপ প্ৰধান মন্ত্ৰী কালভ’ কালি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে হাস্পতালত ভৰ্তি হৈছিল। তেওঁক কৰ’নাত আক্রান্ত হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও স্বাস্থ্য পৰীক্ষাৰ অন্তত নিগেটিভ বুলি প্ৰমাণিত হয়। অন্যহাতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দৃশ্যত স্পেইনৰ অৱস্থা ইমানেই দুৰ্দশাজনকভাৱে দেখা গৈছে যে বহু হাস্পতালৰ মাটিতে থাকিবলগা হৈছে ৰোগী। এইসকল ৰোগীৰ চোৱাচিতাৰ বাবে নাই প্ৰয়োজনীয় স্বাস্থ্যকৰ্মী। একাংশ ভিডিঅ’ত প্ৰকাশিত তথ্য অনুসৰি ৰোগী সকলে কাহি থকা অৱস্থাত সন্মুখতে থিয় হৈ আছে স্বাস্থ্যকৰ্মী সকল। স্পেইনৰ বিলাসী চহৰ মাদ্রিদৰ ইনফাণ্টা লিঅ’নৰ হাস্পতাল ছেভেৰ’ উকা ডে লেগানে হাস্পতালৰ পৰা এনে ভিডিঅ’ প্ৰচাৰিত হৈছে। সামাজিক দূৰত্ব বজাই নাৰাখিলে কেনেধৰণৰ ভয়াবহ পৰিণতি হ’ব পাৰে সেই বিষয়ে ভিডিঅ’সমূহৰ জৰিয়তে জনসাধাৰণক বুজাবলৈ চেষ্টা কৰা হৈছে।
ADVERTISEMENT





























