CoalMining :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পূব অসমৰ শেহতীয়া জলপ্ৰলয়ৰ কাৰণ চুবুৰীয়া নগালেণ্ডত কয়লা আৰু শিল-বালি খনন বুলি বিভিন্ন স্তৰত চলি থকা চর্চাক সম্প্রতি নতুন ৰূপ দিলে তিনিটা প্রভাৱশালী নগা জনগোষ্ঠীয় সংগঠনে। নগালেণ্ডত কয়লা আৰু শিল-বালি খনন শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ শেহতীয়া বিধ্বংসী বানৰ অন্যতম কাৰণ বুলি মানি লৈছে এই তিনি নগা সংগঠনে।
অৱশ্যে নগালেণ্ডত খনিজাত সম্পদৰ খনন আৰু সৰবৰাহ অসম লোকৰ দ্বাৰা অসমৰ মাজেৰে হয় বুলি দাবী কৰিছে তিনি কন্যাক সংগঠনে। শনিবাৰে সীমাকে ধৰি অসম-নগালেণ্ডৰ বিভিন্ন সমস্যা সন্দর্ভত ইয়াত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ বসন্ত গোটৰে নগা কন্যাক ইউনিয়ন, কন্যাক স্টুডেন্ট ইউনিয়ন আৰু কন্যাক মাদাৰ্ছ ইউনিয়নৰ নেতৃবর্গ এক আলোচনাত মিলিত হয়।
আলোচনাৰ অন্তত আটাছু নেতৃত্বৰ স’তে এখন যৌথ সংবাদমেলত কন্যাক ইউনিয়নৰ সভাপতি কন্যাকে কয়, ‘পূব অসমৰ শেহতীয়া জলপ্ৰলয়ৰ কাৰণ নগালেণ্ডৰ নদীবান্ধত পানী জমা হোৱাৰ ফলত হোৱা নাই। নগালেণ্ডত কোনো নদীবান্ধ নাই। অৱশ্যে নগালেণ্ডত হোৱা কয়লা-শিল-বালি আদিৰ অবৈধ খনন এই বানৰ এটা কাৰণ হ’ব পাৰে। এইসমূহ সম্পদ নগালেণ্ডৰ; কিন্তু এই সমূহৰ খনন নগা লোকে নকৰে। এই খননৰ ঠিকাদাৰসকল হয় অসমৰ নতুবা বেলেগ ৰাজ্যৰ। এই খনন আৰু পৰিবহণ অসমৰ লোকৰ দ্বাৰা আৰু অসমৰ মাজেৰে হয়।’
এই খনিজ সম্পদৰ খনন যাতে বৈজ্ঞানিক পদ্ধতিৰে আৰু পৰিৱেশৰ বিৰূপ প্ৰভাৱ নপৰাকৈ হয় তাৰ প্ৰতি সজাগ হৈ থাকি ব্যৱস্থা গ্রহণ কৰিব বুলিও নগা সংগঠনটোৰ নেতাজনে মন্তব্য কৰে। লগতে তেওঁ ভবিষ্যতে অসম-নগালেণ্ডৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰো আশা কৰে।
তেওঁ লগতে প্রকাশ কৰে যে পূব অসমৰ শেহতীয়া জলপ্ৰলয়ৰ ফলত নগালেণ্ডতো নজন লোকৰ মৃত্যু হয়। আনহাতে, সংবাদমেলত আটাছু সভাপতি গগৈয়ে কয়, ‘আজি আলোচনাত সাম্প্রতিক জলপ্রলয় আৰু প্রাকৃতিক দুৰ্যোগৰ পৰা দুয়োখন ৰাজ্যৰ লোকক ৰক্ষা সম্পর্কেও আলোচিত হয়। নগালেণ্ডৰ খনিজ সম্পদ নগা জনতাৰ সম্পদ।
দেশৰ সংবিধানৰ ৩৭১ অনুচ্ছেদে এই সম্পদৰ অধিকাৰ নগা জনতাক দিছে। এই সম্পদ কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰৰ নহয়। গতিকে এই সম্পদৰ বৈজ্ঞানিক খনন আৰু উচিত ব্যৱহাৰৰ দ্বাৰা দুয়োখন ৰাজ্যৰ জনতাৰ মাজত ভ্রাতৃত্ববোধ কিদৰে বৰ্তাই ৰাখিব পাৰি সেই বিষয়েও আজি আলোচনা কৰো।’ গগৈয়ে লগতে জনোৱা মতে, নগালেণ্ডত হোৱা কয়লা খনন, শিল খনন, বন ধ্বংসৰ আৰু এই ধ্বংস কাৰ্য ৰোধৰ বিষয়েও আজি তিনি নগা সংগঠনসমূহৰ স’তে আলোচনা কৰা হয়। তদুপৰি অসম-নগালেণ্ড সীমা সমস্যা সমাধানৰ বিষয়েও সভাত আলোচিত হয় বুলি তেওঁ জনায়।

































