নিউজ ব্যুৰ’,নতুন দিল্লী -সমগ্ৰ বিশ্বকেই শিহৰিত কৰি তোলা মাৰাত্মক ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই দেশতে তলা বন্ধৰ ঘোষণা কৰে ।মোদীৰ এই কাৰ্যক বলিষ্ঠ পদক্ষেপ বুলি প্ৰশংসা কৰিলে বিশ্বই। স্বাস্থ্য ব্যৱস্থাৰ ক্ষেত্ৰত উন্নত বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশে হাৰ মানি গৈছে ক’ৰনা প্ৰতিৰোধ কৰাত । ভাৰতত আক্ৰান্তৰ সংখ্যা ৫০০ অতিক্ৰম কৰাৰ পূৰ্বে সমগ্ৰ দেশতে ২১দিনৰ তলা বন্ধ ঘোষণা কৰা হয় ।ইয়াক সফল কৰি তুলিবলৈ কঠোৰ হৈছে আৰক্ষী।এছিয়া আৰু ইউৰোপৰ ২১ খন দেশৰ প্ৰতিনিধিৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত চীনা দূতাবাসৰ মুখ্যপাত্ৰ জি ৰঙে এক বিবৃত্তিত কয় “আমি বিশ্বাস কৰিছোঁ ভাৰতীয়ই এই যুঁজত পূৰ্বেই জয়লাভ কৰিব ।ক’ৰনাৰ উৎসস্থলী চীনৰ এনে বক্তব্যই ভাৰত চৰকাৰক অধিক উৎসাহী কৰি তুলিছে । লগতে দূতাবাস গৰাকীয়ে উল্লেখ কৰে যে চীনৰ সংস্থাসমূহে ভাৰতক অনুদান দিবলৈ আৰম্ভ কৰিছে ।সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি দাবী কৰা চীনৰ য়ুহানলৈ ভাৰতে মাস্ক,গ্ল’ভছ সহ ১৫ টন জৰুৰী সামগ্ৰী প্ৰেৰণ কৰিছিল ।ইপিনে দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ ওপৰত ভৰসা প্ৰকাশ কৰি ৰাষ্ট্ৰ সংঘইয়ো মোডীক প্ৰশংসা কৰে ।আনকি জেনেভাত এক সংবাদ মেলত বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন কাৰ্যসূচীৰ সঞ্চালক মায়াক ৰায়ানে কয় “ভাৰত এখন জন বহুল দেশ ।এনে দেশত কেনে ৰূপ লয় তাৰ স’তে এই বিশ্ব জোৰা মহামাৰীৰ ভৱিষ্যত নিশ্চিত কৰা হ’ব।বিশ্বৰ দ্বিতীয় জনবহুল দেশ হিচাপে ক’ৰনা ভাইৰাছ ৰ সৈতে মোকবিলা কৰাৰ অসাধাৰণ সামৰ্থ্য আছে ।বিশ্বজোৰা এই সংকটকালত এনে বক্তব্য ভাৰতৰ বাবে অতি ইতিবাচক বুলি কোৱা হৈছে ।প্ৰধানমন্ত্ৰী মোদীয়ে ২২ মাৰ্চত আহ্বান কৰা জনতা কাৰ্ফিউৰ সময়ত সাধাৰণতে প্ৰচুৰ জনসমাগমেৰে ভৰি থকা বাট পথ বোৰ সেইদিনা জনশূন্য হৈ পৰা বিষয় টো ৰাষ্ট্ৰসংঘই এক বাতৰি ভিডিও ত প্ৰদৰ্শন কৰে ।ক’ৰনা ভাইৰাছে বিশ্বজুৰি উন্নত দেশ সমূহকো বিপৰ্যস্ত কৰি তোলাৰ সময়ত ১৩০ কোটি নাগৰিকে এনে এখন জনবহুল দেশৰ ওপৰত প্ৰকাশ কৰা আস্থাই ক’ৰনাৰ বিৰুদ্ধে ভাৰতৰ যুজঁ খনক অধিক সমৰ্থবান কৰি তুলিছে।





























