দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুৰে উজলিল মাহদিয়া খানম আহমেদ। এক ঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই। শোণিতপুৰ জিলাৰ মিছামাৰীৰ ১১ বছৰীয়া কিশোৰী মাহদিয়া খানম আহমেদে ব্যতিক্রমী প্ৰতিভাৰ জৰিয়তে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়ালে।
মাত্র এক ঘণ্টা ১৫ মিনিট সময়ৰ ভিতৰত একেৰাহে ৩০ টা বিভিন্ন ভাষাত গীত পৰিবেশন কৰি মাহদিয়াই ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম সোণালী আখৰৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।
বৰছলা বিধানসভা সমষ্টিৰ বাঁহবেৰা গাঁৱৰ নিৱাসী মইনুল আহমেদৰ কন্যা তথা মিছামাৰী স্প্রিংডেল ইংলিছ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মাহদিয়াই মাত্র পাঁচ বছৰ বয়সৰ পৰাই নিয়মীয়াকৈ সংগীতৰ সাধনা আৰম্ভ কৰিছিল।
এই কম বয়সতে ভাষিক বৈচিত্র্যক সংগীতৰ মাধ্যমৰে ফুটাই তোলাৰ তেওঁৰ এই অসাধাৰণ ক্ষমতা সঁচাকৈয়ে বিস্ময়কৰ। মাহদিয়াই অসমীয়া, হিন্দী, ইংৰাজী, তামিল, নেপালী, স্পেনিছ, আৰবী, বড়ো, ডিমাছা, পাঞ্জাৱী, বাংলা, মাৰাঠীকে ধৰি মুঠ ৩০টা বিভিন্ন স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষাত গীত গাই নিজৰ বহুমুখী প্রতিভাৰ পৰিচয় দিয়ে।
উল্লেখ্য যে যোৱা ১৭আগষ্টত ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ৰ সম্পাদনা সমিতিয়ে সকলো পৰীক্ষা-নিৰীক্ষা আৰু তথ্য-প্রমাণ চালি-জাৰি চোৱাৰ অন্তত মাহদিয়াৰ এই ৰেকৰ্ডক ‘শিশুগৰাকীৰ দ্বাৰা সৰ্বাধিক বহু ভাষিক গীত পৰিবেশন’
ই শিৰোনামাৰে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় ৰেকৰ্ড হিচাপে ঘোষণা কৰে। ইয়াৰ পূৰ্বেও বিগত ২০২৫ত মাহদিয়া খানম আহমেদে জুবিন গাৰ্গৰ জনপ্রিয় কালজয়ী গীত ‘মায়াবিনী’ ১৪ টা বেলেগ বেলেগ ভাষাত গাই মাহদিয়াই সংগীতপ্রেমী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল।
১১ বছৰীয়া কণমানি মাহদিয়াৰ এনে বিস্ময়কৰ সাফল্যই মিছামাৰী অঞ্চলৰ লগতে সমগ্ৰ শোণিতপুৰ জিলা তথা ৰাজ্যবাসীক গৌৰৱান্বিত আৰু উৎফুল্লিত কৰি তুলিছে। ভৱিষ্যতে সংগীত ক্ষেত্রত আৰু অধিক সফলতা অর্জন কৰি বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ স্থানীয় ৰাইজে মাহদিয়াক আন্তৰিক শুভেচ্ছা আৰু আশীর্বাদ জ্ঞাপন কৰিছে।




































