নিজৰ ৰুগীয়া পিতৃ-মাতৃক পোহপাল দিবলৈ পথৰ কাষত চাহ-তামোলৰ দোকান দিয়া মঙলদৈ বেজপাৰাৰ দুই ভগ্নী জিলিমনি শইকীয়া আৰু বৰষা শইকীয়াৰ জটিল জীৱন সংগ্ৰামৰ কথা ৰাইজৰ মাজত চৰ্চা হৈ থকাৰ সময়তে মঙলদৈ নগৰত আন এগৰাকী ষোড়শী ছাত্ৰীৰ জীৱনৰ কৰুণ কাহিনীয়ে এতিয়া সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । কিশোৰী গৰাকীৰ নাম আল্পনা বৰুৱা । ঘৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী উপহুপাৰাৰ ২ নং কলনীত । ঠেলা চলাই পৰিয়াল পোহপাল দি আছিল কিশোৰী গৰাকীৰ পিতৃ মিঠাৰাম বৰুৱাই । কিন্তু হঠাতে এটা দুৰ্ঘটনাত পতিত হৈ পিতৃ ৰুগীয়া আৰু শাৰীৰিকভাৱে অক্ষম হৈ পৰে ৷ ইয়াৰ লগে লগে দৰিদ্ৰ পৰিয়ালটোলৈ আহি পৰে চৰম আৰ্থিক সংকট ।
আনহাতে আল্পনাৰ মাতৃ দশমী বৰুৱা তলাবন্ধৰ আগে আগে প্ৰেছাৰ ষ্ট্ৰোক হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে, যাৰ ফলত মাতৃয়েও কাম কৰি খাবলৈ অক্ষম হৈ বিছনাতে দিন কটাবলগীয়া হৈছে । এনে পৰিস্থিতিত ৰুগীয়া পিতৃ-মাতৃক ভৰণ পোষণ দিবলৈ দায়িত্ব ল’লে আল্পনাই । দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটিৰ এই ষোড়শী ছাত্ৰী গৰাকীৰ উচ্চ শিক্ষা গ্ৰহণৰ দুৰ্বাৰ হেপাঁহ তথা আশা আছিল যদিও আৰ্থিক দৈন্যতাৰ বাবে আধাতেই শিক্ষা সামৰিব লগীয়া হয় । অৱশেষত দৰিদ্ৰ পৰিয়ালটো চলাবলৈ আল্পনাই আৰম্ভ কৰিলে এক জটিল সংগ্ৰাম । নিজৰ ঘৰৰ বাৰীৰ কচু, ঢেকীয়া, কঠালৰ মুচি, পচলা, ভেদাইলতা, দ্ৰোণ বন, হেলেছি, নৰসিংহ আদি শাক, লাওৰ আগ আদি নিজৰ স্কুললৈ যোৱা চাইকেল খনত বান্ধি লৈ গাঁৱৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰিবলৈ ধৰিলে আৰু সেই ধনেৰে পৰিয়ালৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী ক্ৰয় কৰি ৰুগীয়া পিতৃ-মাতৃক যোগান ধৰিলে ভাতমুঠিৰ ।
ইপিনে এই দুৰ্ভগীয়া পৰিয়ালটি থাকিবলৈ নাই এটি সাধাৰণ ঘৰ । জৰাজীৰ্ণ এটা ঘৰতেই ৰন্ধা-বঢ়া, খোৱা-লোৱা, থকা-শোৱা আদি সকলো কৰিব লগীয়া হৈছে । চৰকাৰৰ উন্নয়নমূলক আচনিয়ে স্পৰ্শ কৰিব পৰা নাই দৰিদ্ৰ পৰিয়ালটিক । আল্পনাই সাংবাদিকৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে এটা ঘৰৰ বাবে চৰকাৰৰ হিতাধিকাৰীৰ তালিকাত কেইবাবাৰো নাম অন্তৰ্ভুক্ত হৈয়ো অজ্ঞাত কাৰণত তালিকাৰ পৰা নাম বাদ পৰি যায় । ইপিনে তলাবন্ধৰ সময়ছোৱাত বিভিন্ন দৰিদ্ৰ পৰিয়ালে চৰকাৰ তথা বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিৰ পৰা খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন সাহাৰ্য লাভ কৰিছে যদিও আল্পনাৰ পৰিয়ালে কোনো দল সংগঠনৰ পৰা একো সাহাৰ্য লাভ নকৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । এই ক্ষেত্ৰত প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ চৰকাৰৰ লগতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসলৈ বিনম্ৰ অনুৰোধ জনাইছে আল্পনা বৰুৱাই ।






























