কৰ’নাৰ বাবে কেনে ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ এক নিদৰ্শন বালিপৰাৰ নিকটৱৰ্তী খনামুখৰ দুটি শিশু ৷ শিশু দুটাই বিগত এসপ্তাহে অনিদ্ৰা অনাহাৰে দিন কটাবলগীয়া হৈছে । উল্লেখ্য যে যোৱা ১৭ আগষ্টত এই কনমানি দুটাৰ পিতৃ জিতেন ধৰ আৰু মাজু ভগ্নীৰ দেহত ধৰা পৰিছিল কৰ’নাৰ অৱস্থিতি ৷ শোকাবহভাৱে যোৱা ২২ আগষ্টত পিতৃ জিতেন ধৰৰ মৃত্যু ঘটে ৷
ইপিনে শিশুকেইটিৰ মাজু ভগ্নী বৰ্তমানেও চিকিৎসাধীন হৈ আছে । মৰ্মান্তিক ঘটনা এয়ে যে জিতেন ধৰ কৰ’নাত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ দিনৰে পৰা ঘৰখনত এই শিশুদুটিয়ে অনিদ্ৰা অনাহাৰে দিন কটাবলগীয়া হৈছে । শিশু দুটিৰ খবৰ ল’বলৈ আজি পৰ্যন্ত সময় বা সাহস নহ’ল কাৰোৰে ৷ কৰ’নাৰ সন্ত্ৰাসৰ বাবে গুৰুতৰ ভাৱে আন ৰোগত আক্ৰান্ত লোকে চিকিৎসাহীন ভাৱেই মৃত্যু হোৱা ৰাজ্যখনত কৰ’না বিৰোধী যুঁজৰ সাফল্যক লৈ মিছাকৈয়ে ঢাক ঢোল বজোৱা চৰকাৰী পক্ষৰ বাবে পিতৃ আৰু ভগ্নীৰ অবিহনে এই দুই শিশুৰ কি হ’ব সেয়া ভবাৰ কোনো প্ৰয়োজন বোধ কৰা নাই চৰকাৰী পক্ষৰ ৷
ওচৰ চুবুৰিয়াই মাজে সময়ে যোগান ধৰা ভাত, চাহ-বিস্কুট খায়েই দিন অতিবাহিত কৰিছে এই দেৱশিশু দুটিয়ে ৷ অঞ্চলটোৰ অধিকাংশ পৰিয়ালৰ বাবেই এই সময়খিনি হৈ পৰিছে অতিশয় প্ৰত্যাহ্বানপূৰ্ণ ৷ এই সকল খাঁটিখোৱা লোকৰ বাবেও এসাজ আহাৰ সংগ্ৰহ কৰাটো কঠিন হৈ পৰিছে এই দুৰ্দিনত ৷ এনেস্থলত আজিলৈকে এনেদৰেই ন দিন অতিক্ৰম কৰাৰ পাছতো কিন্ত দুই শিশুৰ খবৰ লবলৈ আহৰি পোৱা নাই কোনো এজন জন প্ৰতিনিধি তথা স্থানীয় প্ৰশাসনে ।
উল্লেখ্যযোগ্য যে বিগত এবছৰ পূৰ্বে এই শিশুকেইটাৰ মাতৃৰো মৃত্যু হৈছিল । আজি এই বিষয়ে বালিপৰাৰ সংবাদ কৰ্মীয়ে অৱগত হোৱাত দুই শিশুক কিছু খাদ্য সামগ্ৰী যোগান ধৰে ৷ তদুপৰি, সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়ে জানিব পাৰি ধনাংক শইকীয়া নামৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল গৰাকীয়ে দুই শিশুক প্ৰয়োজনীয় খাদ্য যোগান ধৰাৰ লগতে এটি শিশুৰ ভৱিষ্যতৰ সকলো দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে ৷
উল্লেখযোগ্য যে বৰ্তমান ছবছৰীয়া ভনীয়েক আৰু ১০বছৰীয়া ককায়েক এই দুই শিশুৰ আঠ বছৰীয়া মাজু ভনীয়েক তেজপুৰৰ ডেকাৰ গাঁৱৰ কৰ’না চিকিৎসা কেন্দ্ৰত আছে ৷ কৰ’নাৰ বাবে এনেদৰে একাংশ লোকৰ জীৱনলৈ নমাই অনা চৰম বিপদ আৰু তৎকালীন ভাবে চিকিৎসা লাভ কৰিবলগীয়া হৃদ, উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগী আৰু প্ৰসূতীৰ বাবে ৰাজ্যত কৰ’নাৰ অজুহাতত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠি অহাৰ সময়ত খনামুখৰ এই দুই শিশুৰ অৱস্থাই কৰ’নাকলৈ চৰকাৰী সফলতাৰ দাবীক আকৌ এবাৰ চূড়ান্ত প্ৰহসন হিচাপেই প্ৰতিপন্ন কৰিছে ৷






























