বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে সন্মিলিতভাৱে বুধবাৰে দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বিজেপি চৰকাৰে ৰাজহুৱা খণ্ড বিক্ৰী অভিযান বন্ধ কৰা, শ্ৰমিকৰ স্বাৰ্থ বিৰোধী শ্ৰম সংস্কাৰ বাতিল কৰা আৰু কৃষক বিৰোধী কৃষি সম্পৰ্কীয় আইন প্ৰত্যাহাৰ কৰা, তলাবন্ধত কৰ্মহীন কৰা শ্ৰমিকক মাহিলি ৭৫০০/- টকাকৈ সাহায্য প্ৰদান কৰা আৰু অঙ্গনৱাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰন্ধ কৰ্মীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰাকে ধৰি দহ দফীয়া দাবীত সমগ্ৰ দেশৰ লগতে অসমতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মহানগৰীৰ গুৱাহাটী ক্লাবত চিটুৰ উদ্যোগত ৰূপায়ণ হোৱা এই কাৰ্যসূচীত সম্পাদক তপন শৰ্মাই এই চৰকাৰখনে দেশৰ সম্পদসমূহ ব্যক্তিগত পুঁজিপতিৰ হাতত অৰ্পন কৰি আহিছে বুলি অভিযোগ কৰে |































