কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বাৰে বাৰে হাত ধোৱা, ছেনিটাইজাৰ লগোৱা সকলোৰে এতিয়া অভ্যাসত পৰিণত হৈছে । মাস্ক, ছেনিটাইজাৰ, হাত ধোৱাটো জীৱনৰে একোটা অংশ হৈ পৰিছে ।
কিন্তু চাবোন-ছেনিটাইজাৰত থকা কেমিকেলে আমাৰ ক্ষতি কৰে । এই কেমিকেলৰ ফলত ছালত বেক্টেৰিয়া আৰু ফাংগল ইনফেকচন হ’ব পাৰে ।যাৰ ফলত ছালত খজুৱতি হ’ব পাৰে । অতিৰিক্ত ভাৱে হাত ধুলে হাতৰ ছাল ও শুকান হৈ পৰে । চৰ্ম বিশেষজ্ঞৰ মতেও কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পৰা এই উপায়ে পিছে আমাৰ ছালৰ বহু সমস্যাৰ কাৰণ হ’ব পাৰে ।
গতিকে কিছুমান উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
– ছালফেট মুক্ত চাবোনেৰে হাত ধোয়ক ।
– হাত খন ধোৱাৰ পাছত শুকান কাপোৰেৰে ভালদৰে মচিব যাতে আঙুলিৰ ফাঁকত পানী নাথাকে । নহ’লে ফাংগল ইফেকচন হ’ব পাৰে ।
– এই সময়খিনিত পৰাপক্ষত হাতত আঙুঠি নিপিন্ধিব । হাত ধোতে আঙুঠিত চাবোন লাগি থাকিব পাৰে । যিয়ে ছালত ক্ষতি কৰিব ।
– হাত ধোৱাৰ পাছত হাতত মইশ্বাৰাইজাৰ লগোৱা অভ্যাস কৰক ।
– কৃত্ৰিম সুগন্ধি যুক্ত চাবোন বা মইশ্বাৰাইজাৰ হাতত নলগাব।
– যদি হাতত পুৰণি অনুভৱ কৰে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওক ।




































