বজাৰলৈ আহিছে এনে এবিধ ইলেকট্রনিক মাস্ক, যিটো পৰিধান কৰি নাকৰ বিন্ধা বা মুখেৰে ৯৮ শতাংশ পর্যন্ত বিশুদ্ধ বায়ু সেৱন কৰিব পাৰিব আপুনি । অর্থাৎ বেমাৰৰ বীজাণু, ভাইৰাছ আদিৰ পৰা সম্পূর্ণ সুৰক্ষিত থাকিব পাৰিব এই মাস্ক পৰিহিতজনে ।
‘এ অ’ এয়াৰ দ্য এটম’ছ ৱেৰেবল এয়াৰ পিউৰিফায়াৰ নামৰ এই মাস্কটো দৰাচলতে বায়ু পৰিশােধক গেজেটহে যাম মুখত মাস্কৰ দৰেই পৰিধান কৰিব পাৰি । ইয়াত আছে বায়ু পৰিশােধনৰ বাবে চাৰিটাকৈ ফিল্টাৰ ।
ভাইৰাছ, বেক্টেৰিয়াৰ লগতে বায়ুমণ্ডলৰ দূষিত কণাকো ৰােধিব পৰা এই মাস্কটোৰ আৱৰণ স্বচ্ছ হােৱাৰ বাবে পৰিহিতজনৰ মুখৰ অভিব্যক্তিও আনে স্পষ্টকৈ দেখা পাব । আনহাতে, ইয়াত ব্লুটুথ সংযােগ কৰাৰাে সুবিধা থাকিব । বর্তমানে অনলাইন বজাৰত উপলব্ধ হৈছে এই অত্যাধুনিক প্রযুক্তিৰ ইলেকট্রনিক মাস্ক।




































