অসম চৰকাৰৰ দুৰ্নীতি নিবাৰণ আৰু নিৰীক্ষণ বিভাগে আজি এক অভিযান চলাই কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত নলবাৰীৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনক গ্ৰেপ্তাৰ কৰিছে ।উল্লেখযোগ্য যে শিক্ষা বিষয়া গৰাকীয়ে বৰভাগৰ এখন বিদ্যালয়ৰ নির্মনীয়মান গৃহৰ অনুমোদিত ধনৰ পৰা ঠিকাদাৰ এগৰাকীক পঞ্চাশ হাজাৰ টকা উৎকোচ বিচাৰিছিল । সেই মতে ঠিকদাৰে আজি প্ৰথম কৃষ্টিৰ ধন দিবলৈ আহিছিল আৰু অহাৰ আগতে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগক অৱগত কৰিছিল। আৰু তাৰ পিছতে দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগ গৈ ধন লৈ থকাৰ সময়তে হাতে লোতে ধৰা পেলাই শিক্ষা বিষয়া গৰাকীক।
উল্লেখযোগ্য যে দিনৰ দুই বজাৰ পৰা পাঁচ বজালৈ বিষয়া গৰাকীৰ কক্ষত জেৰা চলোৱাৰ অন্তত নলবাৰী সদৰ থানাত হাজিৰ কৰায়া সদৰ থানাত ১৫মিনিট ৰাখি দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ বিভাগৰ ১৪ জনীয়া দলটোৱে শিক্ষা বিষয়া গৰাকীক লৈ গুৱাহাটীলৈ ৰাওনা হয়। প্ৰনিধানযোগ্য যে শিক্ষা বিষয়া গৰাকীয়ে পূৰ্বৰ পৰাই জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষক কৰ্মচাৰী সকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।
লগতে জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে ছাত্র নেতা গৰাকীক কয় যে ,শিক্ষা বিষয়া গৰাকীয়ে নিজকে একছত্ৰী সম্ৰাটৰ ভূমিকা লৈ আহিছিল । শিক্ষক শিক্ষয়ত্ৰী সকলক সততে উৎকোচ বিচাৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ পোৱা গৈছিল। আনকি শিক্ষা বিষয়া গৰাকীয়ে ৰাজনৈতিক পাৱাৰৰ দম্ভালি মাৰি কাৰ্যালয়টো এখন বজাৰলৈ পৰিণত কৰে বুলিও মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে। লগতে তেওঁ চৰকাৰক এনে দুৰ্নীতিগ্ৰস্ত বিষয়াক দুষ্টান্ত মূলক শাস্তি গুন্য সহনশীলতাৰ নিদৰ্শন দেখুৱাবলৈ দাবী জনায়।






























