তেজপুৰ বিধানসভা সমষ্টিত যদি বিজিপিৰ প্ৰাৰ্থী দিয়া নহয় তেনেহ’লে তেজপুৰ বিধানসভা সমষ্টিৰ সকলো বিষয়ববীয়া,২২৭খন বুথ সমিতিৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰ, তিনিখন মণ্ডল সমিতিৰ বিষয়ববীয়া আৰু আঠখন মৰ্চাৰ সকলো বিষয়ববীয়াই তেওঁলোকৰ দায়িত্ব তথা পদবীৰ পৰা পদত্যাগ কৰিব৷ লগতে তেওঁলোকে কোনো কাৰণতেই বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে৷ আজি বিজেপিৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত স্থানীয় নেতা-কৰ্মীসকলে এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে । এই সকলো কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ইমেইল কৰি জনায় ৷
উল্লেখযোগ্য যে, কালিৰ পৰাই তেজপুৰত বিজেপি নেতা-কৰ্মীসকল তেজপুৰ সমষ্টি বিজেপিক এৰি নিদিয়াকলৈ ক্ষোভিত হৈ পৰাই নহয়, তেওঁলোকে মিত্ৰদল অগপৰ বিধায়ক বৃন্দাবন গোস্বামীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামি পৰে৷ যোৱা নিশা স্হানীয় বিজেপি নেতা কৰ্মীসকলে কৰা মৌখিক বিদ্ৰোহক আজি আনুষ্ঠানিক ৰূপ দি তেওঁলোকে দলীয় নেতৃত্বলৈ পত্ৰ প্ৰদান কৰে৷
উল্লেখযোগ্য যে, আজি বিয়লি পৰ্যন্ত অনুষ্ঠিত হোৱা বিজেপিৰ স্হানীয় নেতা কৰ্মীসকলৰ সভাত এই সিদ্ধান্তও লোৱা হয় যে, তেজপুৰৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থীত্ব দাবী কৰা যিকোনো এজনক প্ৰাৰ্থীত্ব প্ৰদান কৰিলেই সকলোৱে মানি লৈ তেওঁক বিজয়ী কৰাই আনিব৷ আনহাতে, বিধায়ক বৃন্দাবন গোস্বামীয়েই নহয় তেজপুৰত অগপৰ আন কোনো প্ৰাৰ্থীকে মানি লোৱা নহ’ব বুলিও বিজেপিৰ এইসকল ক্ষোভিত নেতা কৰ্মীয়ে জনায় ।
তেওঁলোকে ইমানদিনে পদুম ফুলৰ চিহ্নৰ বাবে কাম কৰি এতিয়া ৰাইজৰ আগত হাতীৰ ছবিত ভোট দিবলৈ কোৱাৰ নৈতিক অধিকাৰ বিজেপিৰ তেজপুৰৰ নেতা কৰ্মীসকলৰ নাই বুলি গন্য কৰে ৷ বৰ্তমানলৈকে তেজপুৰৰ আসনৰ বিষয়টো অনিশ্চিত হৈ থকাত ক্ষোভিত আন একাংশ বিজেপি নেতা কৰ্মীয়ে সামাজিক মাধ্যমতো দলীয় নেতৃত্বৰ প্ৰতি তেজপুৰত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে আহ্বান জনাই তৃণমূল কৰ্মীসকলৰ আশা আকাংক্ষাক নেতৃত্বই গণ্য নকৰিলে পৰিস্থিতি বিষম হোৱাৰো হুংকাৰ দিছে৷