ৰাজ্যত কে’বাদিনমানৰ পাছত অনুষ্ঠিত হ’ৱ ২০২১ ৰ বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যে ২১ ৰ বিধান সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। সষ্টম হৈছে আৰক্ষী প্ৰশাসন। কিন্তু তাৰ মাজতেই ধুবুৰীৰ চাপৰ, বিলাসীপাৰা, বগৰীবাৰীত চলিছে কয়লা ভৰ্ত্তি ট্ৰাকৰ ছিণ্ডিকেট।
সোনামুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পেট্ৰল পাম্পত শাৰী শাৰী কৈ ৰখাই থোৱা হৈছে কয়লা ভৰ্তি ট্ৰাকবোৰ। ইফালে কোকৰাঝাৰৰ বগৰিবাৰী থানাতো শাৰী শাৰী কয়লা ভৰ্তি ট্ৰাক। বৃহস্পতিবাৰে নিশা ধুবুৰী প্ৰশাসনে চাপৰ আৰু বিলাসীপাৰাৰ সোনামুখীত জব্দ কৰিছিল ন খনকৈ কয়লা ভৰ্তি ট্ৰাক। প্ৰমাণ পত্ৰৰ যথেষ্ঠ বিসংগতি থকাৰ বাবে ধুবুৰী প্ৰশাসনে জব্দ কৰিছিল ট্ৰাকবোৰ।
আৰক্ষী প্ৰশাসনৰ একপ্ৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে যোগীঘোপাৰ পৰা চুবুৰীয়া ৰাজ্য পশ্চিম বংগ অভিমুখী ন খনকৈ ট্ৰাক জব্দ কৰাৰ পাছতে কয়লা মাফিয়াৰ মাজত লাগিছে হাহাকাৰ। সৃষ্টি হৈছে চোৰাং কয়লা বেপাৰক লৈ গভীৰ ৰহস্যও। কাৰণ জব্দ কৰা ট্ৰাকৰ মাজৰ পৰা হঠাতে উদং হৈছে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক।
আনহাতে আৰক্ষী প্ৰশাসন নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো কি কাৰণত আৰক্ষীৰ সন্মুখতে এই সকল কয়লা বেপাৰীয়ে দিনে নিশাই মুকলিকৈ লাখ লাখ টকাৰ কৰ ফাকি দি বেপাৰ চলাব পৰিছে ইয়াক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহ আৰু ভিন্ন প্ৰশ্নৰ ৷ এই ক্ষেত্ৰত কয়লাৰ চোৰাং ব্যৱসায় আৰু কৰ ফাকিক লৈ পৰিবহণ বিভাগ আৰু কৰ বিভাগেও গ্ৰহণ কৰিছে একপ্ৰকাৰৰ ৰহস্যজনক স্থিতি। ইফালে একে সময়তে বগৰিবাৰী আৰক্ষীয়ে বগৰিবাৰী ৰাষ্ট্ৰীয় ঘাইপথ ৰ পৰা ১০ খনকৈ অভাৱ লোডেড কয়লাভৰ্তি ট্ৰাক জব্দ কৰে।






























