কৰ’না অতিমাৰীয়ে বিশ্বজুৰি সবাতােকৈ অধিক ক্ষতিগ্রস্ত কৰিছে যুৱ প্রজন্ম আৰু মহিলা । আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংগঠন (আই এল অ’)ৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনত উল্লেখ কৰা মতে ক’ভিড-১৯ মহামাৰীয়ে গােলকীয় শ্রম বজাৰত অনাকাংক্ষিত সংকটৰ সৃষ্টি কৰিলে।
ইয়াৰ ফলত কর্মক্ষেত্ৰৰ বৃহৎ বজাৰখন সর্বাধিক প্রভাবিত হৈছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ শ্রম বিষয়ক আন্তর্জাতিক সংস্থাটোৱে কয়, সকলাে দেশতে উপার্জন আৰু ৰাষ্ট্ৰীয় আয় যথেষ্ট হ্ৰাস পাইছে। ফলত উপার্জনৰ অসমানতা বৃদ্ধি পাইছে।
ক’ভিডৰ এই সংক্রমণে শ্রমিক আৰু উদ্যোগীসকলক দীর্ঘকাললৈ প্রভাৱিত কৰাৰ শংকা প্রকট হৈছে। ‘আই এল অ’ৰ এই প্রতিবেদনৰ তথ্য অনুসৰি, অতিমাৰীৰ এই কালত বিশ্বজুৰি ২০০ কোটিৰাে অধিক লােকৰ উপার্জন প্ৰভাৱিত হৈছে।
উপার্জনৰ ক্ষেত্ৰত সর্বাধিক ক্ষতিগ্রস্ত হৈছে যুৱ প্রজন্ম আৰু মহিলাসকল। ১৬৪ পৃষ্ঠাৰ প্রতিবেদনত লগতে প্ৰকাশ পােৱা মতে, বিশ্বত যদিহে মহামাৰীৰ আগমন নহ’লহেঁতেন তেন্তে ২০২০ত সমগ্র বিশ্বৰ প্ৰায় তিনি কোটি নতুন চাকৰিৰ সৃষ্টি হ’লহেঁতেন।
আই এল অ’ৰ মতে, ক’ভিডকেন্দ্রিক সংকটৰ এতিয়াও সমাপ্ত হােৱা নাই৷ মহামাৰীত এটাৰ পাছত আনটো ঢৌৱে বিশ্বজুৰি কৰ্মৰ সময় অপচয় কৰাৰ। ভয়াৱহ তথ্যও আন্তর্জাতিক শ্রমিক সংগঠনটোৱে দাঙি ধৰিছে।
চলিত বৰ্ষৰ বৰ্তমানলৈকে ক’ভিড পৰিস্থিতিত সর্বাধিক প্রভাৱিত হৈছে লেটিন আমেৰিকা,কেৰেবিয়ান, ইউৰােপ আৰু মধ্য এছিয়াৰ দেশসমূহৰ কর্মক্ষেত্র।একেটা প্রতিবেদনতে প্রকাশ পােৱা মতে, টিকাকৰণ আৰু বৃহৎ পৰিমাণৰ পুঁজি ব্যয়ৰ পৰিণতিত ২০২১ৰ অন্তিম ছমাহত বিশ্বৰ অর্থনৈতিক ব্যৱস্থালৈ পুনৰ স্থিৰতা উভতি অহাৰ সম্ভাৱনা আছে।
চলিত বৰ্ষত ১০ কোটি আৰু ২০২২ত আঠ কোটি নতুন চাকৰি বিশ্বত সৃষ্টি হ’ব বুলিও আই এল অ’য়ে এই প্রতিবেদনত আশা প্ৰকাশ কৰিছে। ২০২০ৰ দ্বিতীয়টো ত্রিমাহিকত বিশ্বৰ ৪৫ খন দেশৰ ৪৫২০ ব্যৱসায়িক প্রতিষ্ঠানক সামৰি চলােৱা এক আন্তর্জাতিক সমীক্ষাত লাভ কৰা তথ্য অনুসৰি ৮০ শতাংশ ক্ষুদ্র উদ্যোগ আৰু ৭০ শতাংশ ক্ষুদ্র কোম্পানীয়ে বিত্তীয় দিশত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।
ক’ভিডৰ সংক্ৰমণৰ ফলতে এইদৰে এই বৃহৎসংখ্যক ক্ষুদ্র উদ্যোগ-প্রতিষ্ঠানে বিশ্বৰ বিভিন্ন দেশত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বাধাগ্রস্ত হৈছে বুলি আন্তর্জাতিক শ্রমিক সংগঠনটোৰ অধ্যয়নত প্রকাশ।





























