বকোৰ সোণতলী শেলেসুতীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত শেলেসুতীৰ ৰেকিবুল হুছেইন (১৯)নামৰ এজন যুৱক গ্ৰেপ্তাৰ হয় । ৰেকিবুলৰ হুছেইনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে আঠটা ব্ৰাউন চুগাৰৰ কন্টেনাৰ।
ADVERTISEMENT

লগতে জব্দ কৰা হয় নগদ ১২ হেজাৰ টকা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত চলিছিল এই অভিযান। গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আৰক্ষীয়ে চলাইছিল অভিযান।






























