কৰ’না.মহামাৰীৰ দ্বিতীয়টো ঢৌৰ পৰা সকাহ লাভ কৰাৰ পূর্বেই ব্রিটেইনত ক’ভিডৰ তৃতীয়টো ঢৌৰ শংকা প্রকট হ’ল। ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই সকীয়নি দি কৈছে যে অহা শীতত ব্রিটেইনত ক’ভিডৰ তৃতীয়টো ঢৌৰ আগমন ঘটিব পাৰে।
এইদৰে কৰ’নাৰ তৃতীয় ঢৌৰ দেশখনলৈ আগমন ঘটিলে ব্রিটেইনত পুনৰ তলাবন্ধ ঘােষণা কৰিব লগা হ’ব পাৰে বুলিও বিশেষজ্ঞই শংকা ব্যক্ত কৰিছে।
ব্রিটিছ সংবাদ মাধ্যমত প্রকাশিত বাতৰিত ব্রিটেইনৰ স্বাস্থ্য বিশেষজ্ঞই শংকা প্রকাশ কৰি কৈছে যে আগন্তুক শীতকাল ব্রিটেইনবাসীৰ বাবে অধিক ভয়াৱহ হ’ব পাৰে।
কিয়নাে এই শীততে দেশখনলৈ কৰ’নাৰ নতুন এক প্রজাতিৰ আগমন ঘটাৰ যথেষ্ট সম্ভাৱনা আছে। বিশেষকৈ ব্রিটেইনবাসীয়ে ক’ভিড বিধি কঠোৰভাৱে পালন অব্যাহত নাৰাখিলে অক্টোবৰ-নৱেম্বৰৰ সময়ছােৱাত কৰ’নাৰ পুনৰ সংক্রমণ আৰম্ভ হ’ব পাৰে।
ছাইন্টিফিক এডভাইজৰী গ্রুপ ফৰ ইমাৰজেন্সীয়ে এই সন্দৰ্ভত ইতিমধ্যে ব্রিটিছ চৰকাৰক সতর্ক কৰি দিছে। প্রতিষ্ঠানটোৰ সদস্য অধ্যাপক কেলম চেস্পলে প্রকাশ কৰা মতে, ব্রিটেইনত কৰ’না ভাইৰাছৰ নতুন প্রজাতিৰ আত্মপ্রকাশৰ যথেষ্ট শংকা আছে।
নতুনকৈ দেশখনত ক’ভিডৰ সংক্রমণ হলে ব্রিটেইনত পুনৰ তলাবন্ধ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলিও অধ্যাপক চেষ্পলে সকীয়াই দিয়ে।





























