কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিথিলা পাচলি বজাৰৰ গৃহটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে।
বজাৰ গৃহ উদ্বোধন অনুষ্ঠান উপলক্ষে এক সভা অনুষ্ঠিত হয়। উক্ত সভাত ই এম অৰূপ কুমাৰ দেৰ লগতে উপস্থিত থাকে বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেবৰাজ পাল, ইউপিপিএলৰ নেতা শংকৰলাল ব্ৰহ্ম, বীৰেন্দ্ৰ ৰায়, ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ সভাপতি মনোজ ৰায় লগতে চিথিলা ভিচিডিচিৰ অধ্যক্ষ কনকেশ্বৰ ৰায়, চিথিলা বজাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লক্ষন সাহা, ভবেন ৰায়কে ধৰি বিভিন্ন জন।
সভাত উপস্থিত থাকি বিটিআৰৰ ই এম অৰূপ কুমাৰ দেই কয় যে ,”মোৰ ফালৰ পৰা চিথিলা বজাৰ উন্নয়নৰ বাবে সকলো সময়তে সম্পূর্ণ সহায় সহযোগ কৰিম। “লগতে তেখেতৰ এমচিএলএ ফাণ্ডৰ পৰাও আৰ্থিক অনুদান আগবঢ়াব বুলিও ৰাজহুৱা ভাবে ঘোষণা কৰে।






























