বিগত বছৰবোৰৰ দৰে এইবাৰো দোতমা ফকিৰাগ্ৰাম অঞ্চলত বসবাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে ষট্ পূজা পালন কৰা পৰিলক্ষিত হৈছে৷
ষট্ পূজা উপলক্ষে দোতমা ফকিৰাগ্ৰাম অঞ্চলত থকা বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷
ষট্ পূজাৰ লগত সংগতি ৰাখি আজি বিয়লিৰ ভাগত অঞ্চল বিলাকৰ বিভিন্ন প্ৰান্তৰ বিহাৰী সম্প্ৰদায়ৰ লোক সকলৰ লগতে চিথিলাত বসবাস কৰা লোকসকলে লোঙা আৰু হেল নৈৰ ঘাটত সূৰ্য পূজা কৰে ৷
এই পূজা পালন কৰাৰ বাবে ভক্তসকলে নতুন পাচিত নৈৱেদ্য লৈ অহা দেখা যায়। উল্লেখ্য যে সূৰ্য দেৱতাক আৰাধনা কৰি এই পূজা পালন কৰাৰ লগতে শৰীৰ আৰু মন সম্পুৰ্ণৰূপে সূৰ্য দেৱতাক সমৰ্পণ কৰা হয় বুলি একাংশ ভক্তই প্ৰকাশ কৰে ৷
উল্লেখ্য যে যোৱা দুবছৰে মহামাৰী ক’ৰোনা ভাইৰাছৰ ফলত ষট্ পূজা পালনত কিছু বাধা আহিছিল যদিও, এইবাৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ফকিৰাগ্ৰাম আৰু দোতমা উলহ মালহেৰে ষট্ পূজা পালন কৰা পৰিলক্ষিত গৈছে ।