অ’মিক্রনক লৈ উদ্বেগৰ সময়তেই পোৱা গ’ল আশাৰ খবৰ । মহাৰাষ্ট্রৰ দুখন হাস্পাতালৰ পৰা অ’মিক্রনমুক্ত হৈ উভতিল ন জন আক্রান্ত । হাস্পাতাল সূত্রে খবৰ, তেওঁলোক প্রত্যেকেই মৃদু উপসর্গযুক্ত আছিল । প্রত্যেকৰেই ছাৰ্ছ-ক’ভ-২ পৰীক্ষাৰ ফলাফল নেগেটিভ আহিছে ।
মহাৰাষ্ট্রত অ’মিক্রন আক্রান্তৰ সংখ্যা ক্রমশ বৃদ্ধি পোৱাত শনিবাৰৰ পৰা জনসমাগমত নিষেধাজ্ঞা জাৰি কৰিছে আৰক্ষীয়ে । ৪৮ ঘণ্টা এই নিষেধাজ্ঞা জাৰি থাকিব । এটা সর্বভাৰতীয় সংবাদমাধ্যমে দিয়া খবৰ অনুযায়ী, অ’মিক্রন আক্রান্তৰ ৪০ জন আন্ধেৰিৰ ছেভেন হিলছ হাস্পাতালত আৰু দুজন ব’ম্বে হাস্পাতালত চিকিৎসাধীন হৈ আছে ।
স্বাস্থ্য বিভাগে দিয়া তথ্য অনুযায়ী, শনিবাৰে পুৱা পর্যন্ত হাস্পাতালৰ পৰা সাতজন অ’মিক্রন আক্রান্ত সুস্থ হৈছে । আনহাতে, বৃহন্মুম্বই মিউনিচিপাল কর্প’ৰেছনে জনায়, শনিবাৰে সন্ধিয়া আৰু দুজনক ব’ম্বে হাস্পাতালৰ পৰা ৰিলিজ দিয়া হৈছে । ‘শংকাযুক্ত’ দেশৰ পৰা অহা অ’মিক্রন আক্রান্তসকলৰ চিকিৎসাৰ বাবে মুম্বাইৰ ব্রিচ কেণ্ডি হাস্পাতালত এটা বিশেষ ৱার্ড তৈয়াৰ কৰা হৈছে।
শুকুৰবাৰে চাৰে তিনি বছৰৰ এটি শিশুসহ সাত অ’মিক্রন আক্রান্তক চিহ্নিত কৰে ৰাজ্যিক স্বাস্থ্য বিভাগে । তেওঁলোকৰ ভিতৰত তিনিজনে তানজানিয়া, ব্রিটেইন আৰু দক্ষিণ আফ্রিকাৰ পৰা সম্প্রতি মুম্বাইলৈ উভতিছে ।





























