দুবছৰ পূর্বে আফগানিস্তানত অপহৃত হৈছিল এজন মার্কিন অভিযন্তা আফগানিস্তানত কৰ্মৰত আমেৰিকাৰ অভিযন্তা মার্ক ফ্লেৰিখছক এতিয়াও মুক্তি দিয়া নাই অপহৰণকাৰীয়ে।
এই সন্দৰ্ভতে আফগানিস্তানৰ তালিবান চৰকাৰক কঠোৰভাৱে সকীয়নি দিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে। আমেৰিকাৰ ইলিয়নৰ বাসিন্দা ৫৯ বছৰীয়া মার্কে বিগত এক দশক ধৰি আফগানিস্তানৰ নানা উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ কামত অভিযন্তা হিচাপে জড়িত আছিল।
২০২০ ফেব্ৰুৱাৰীত মার্ক আফগানিস্তানত অপহৃত হৈছিল। মার্কে হৈছে একমাত্র মার্কিন নাগৰিক, যি এতিয়াও আফগানিস্তানত বন্দী হৈ আছে।
তালিবানক কার্যত ধমক দি মার্কিন ৰাষ্ট্রপতিয়ে এক বার্তাত এইদৰে কয়, ‘আমেৰিকাৰে হওক বা আন কোনাে নিৰীহ নাগৰিকক এইদৰে বিপদত পেলােৱাতাে কেতিয়াও সমর্থনযােগ্য নহয়। তালিবানে অবিলম্বে মার্কক মুক্তি দিয়া উচিত। আমি যাতে কোনাে কঠোৰ পদক্ষেপ গ্রহণ কৰিব লগা নহয়, সেয়া তালিবানে নিশ্চিত কৰক। এই সন্দৰ্ভত আমি কোনাে আলােচনা নিবিচাৰাে।’