CM Reaction:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ৰূপে চৰকাৰক ঘোষণা কৰিবলৈ বিভিন্নজনে কৰা জনোৱা আহ্বান সন্দৰ্ভত শনিবাৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ৰাভা দিৱস, শিল্পী দিৱস চৰকাৰে দিয়া নাই,জনতাই দিয়া,আৰু জনতাই দিলে, জনতাৰ পিছে পিছে আমি গৈ থাকিম ৷
শিল্পী দিৱস, ৰাভা দিৱস চৰকাৰে অধিসূচনা কৰা নাই৷ ৰাইজে যেতিয়া দিয়ে, ৰাইজতকৈতো চৰকাৰ তলত ৰাইজে যিফালে যায়, সেইফালে চৰকাৰ নিজে নিজে গুছি যায় বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
উ
ল্লেখ্য যে ১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস’ ৰূপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই এক দীঘলীয়া পত্ৰ প্ৰেৰণ কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷
ADVERTISEMENT































