Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

    Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

    Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

    Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

    Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

    Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

বৰাকত আমন্ত্ৰণ কৰি নিয়া বিহু দলৰ ওপৰত দুর্বৃত্তৰ ৰক্তক্ষয়ী আক্রমণ, শ্রীভূমিত প্রতিমা বিসর্জনৰ শোভাযাত্ৰাত ভয়ংকৰ কাণ্ড, খেদি খেদি প্ৰহাৰ কৰিলে বিহু শিল্পীক

publisher by publisher
October 26, 2026
in Assam, Crime, News
Reading Time: 4 mins read
0
Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

Sri Bhumi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:জাতি-মাটি-ভেটিৰ কথা কৈ থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালতে ভুলুষ্ঠিত হ’ল অসমৰ আত্মা। অসমীয়াৰ সাপতি সাহোন বিহুও এইবাৰ দুষ্কৃতিকাৰীৰ কবলত পৰিল। শ্রীভূমি জিলাত সংঘটিত এই ঘটনাই স্বাভাবিকতে প্রতিজন স্বাভিমানী অসমীয়াক ক্ষুব্ধ কৰি তুলিছে। দুর্গাপূজাৰ প্রতিমা বিসর্জনৰ শোভাযাত্ৰাত শ্রীভূমি জিলাৰ বদৰপুৰত বিহু পৰিৱেশন কৰা এটা দলৰ ওপৰত দুর্বৃত্তই সংঘটিত কৰা ৰক্তক্ষয়ী আক্ৰমণৰ ঘটনাক লৈ তীব্র ক্ষোভ-প্রতিক্রিয়াৰ সৃষ্টি হৈছে। অসমৰ পৰিচয় তথা অসমীয়াৰ বাপতি সাহোন বিহুৰ ওপৰত এই আক্রমণ সম্পূৰ্ণৰূপে পৰিকল্পিত নীৰৱতা বৰাক উপত্যকাৰ ৰাজনীতিকৰ বুলিও ব্যাপক চর্চা হৈছে।
শ্রীভূমিৰ বদৰপুৰৰ বিপিন পাল পথত আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল। দুর্গাপূজাৰ প্ৰতিমা বিসর্জনৰ বাবে যোৱা ২৩ অক্টোবৰৰ সন্ধিয়া উলিওৱা এক সমদলত আন সাংস্কৃতিক দলৰ লগতে বিহুৰ দল এটায়ো নৃত্য পৰিৱেশন কৰিছিল। বিহুৰ দলটো আছিল শ্রীভূমিৰে আদৰকোনা আৰু বড়গুল অঞ্চলৰ। এই অঞ্চল দুটাত বাস কৰা অসমীয়া পৰিয়ালবোৰৰ বিহুৰ দলটোক প্রায় প্রতি বছৰে এনেদৰে দেৱী বিসর্জন সমদলত ভাগ ল’বলৈ আমন্ত্রণ জনোৱা হয়। এইবাৰো তেওঁলোকে শোভাযাত্রাত ভাগ লৈ বিহু পৰিৱেশন কৰিছিল।
ইপিনে, শোভাযাত্ৰাত উচ্চ স্বৰত গীত বজাই উন্মাদৰ দৰে আচৰণ কৰিছিল একাংশ যুৱক আৰু অন্যান্য লোকে। সেই সকলে বিহু পৰিৱেশনৰ শব্দত অসুবিধা পোৱা বুলি প্রথমতে বিহুৱা দলটোক জবাবদিহি কৰে। তাকে লৈ দুয়োপক্ষৰ মাজত তর্কাতর্কি হয়। বিশেষকৈ বৰাকত অসমীয়া গান নচলিব বুলি কে’বাজনেও সকীয়াই দিয়াৰ অভিযোগ উত্থাপন হয়। তাৰ পাছতে তর্ক-বিতৰ্কৰ মাত্রা বাড়ে। অভিযোগ অনুসৰি, তেতিয়াই এজন যুৱকে এজন বিহুৱাৰ ডিঙিৰ হাৰ এডালো কাঢ়ি নিয়ে।
ইয়াৰ পাছতে পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে। একাংশ যুৱকে হাতে হাতে লাঠি, বাটাম আদি লৈ বিহু দলটোক আক্ৰমণৰ বাবে উদ্যত হয়। প্ৰাণৰ মমতাত বিহু দলটোৰ সদস্যসকলে সেই স্থানৰ পৰা দৌৰি পলায়নৰ চেষ্টা চলায়। তেতিয়া উদণ্ড যুৱকৰ দলটোৱে পাছে পাছে খেদি গৈ প্ৰহাৰ কৰে। এই আক্ৰমণত বিহু দলটোৰ কে’বাজনেও গুৰুতৰ আঘাত পায়। কে’বাজনো তেজেৰে ৰাঙলী হৈ পৰে। অৱশেষত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিহু দলটোক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লক্ষ্যণীয়ভাৱে অসমীয়া জাতিৰ ওপৰতে চলা এই আক্রমণক লৈ বৰাকৰ শাসক-বিৰোধী অধিকাংশ ৰাজনীতিকে পালন কৰিছে মৌনতা। আনহাতে, ঘটনাক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘটনাক জড়িতৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানক নির্দেশ দিয়াৰ পাছতহে উপত্যকাটোৰ শাসক দলৰ নেতৃবৰ্গই একপ্ৰকাৰ সাৰ পায়। মুখ্যমন্ত্ৰীয়ে লগতে নিজৰ সামাজিক মাধ্যমত কয়, ‘শ্রীভূমিত বিহুদলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰটোৱে মোক গভীৰভাৱে ব্যথিত কৰিছে। এয়া অতি দুর্ভাগ্যজনক আৰু গৰিহণাযোগ্য ঘটনা। বিহু অসমৰ আত্মা, আমাৰ গৌৰৱ আৰু জাতীয় পৰিচয় তথা সমন্বয়ৰো এক প্রতীক। আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি কৰা এনে অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব।’
মুখ্যমন্ত্ৰীৰ এই নির্দেশৰ পাছতে আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে সদৰী কৰে যে ঘটনাত জড়িতৰ অভিযোগত ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। লক্ষ্যণীয়ভাৱে সঞ্চালকপ্রধান সিঙৰ এই ঘোষণাৰ বিপৰীতে আৰক্ষীৰ ৰহস্যজনকভাৱে এই কাণ্ডত অভিযুক্ত হৈ ধৃত আটাইকেইজনেই জামিন লাভ কৰিবলৈ সক্ষম হয়।
এই ঘটনাৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ পাছতে অভিযুক্তই জামিন লাভ কৰাক লৈ আদালতে তদন্তকাৰী বিষয়াক কৈফিয়ৎ তলব কৰিবলৈ নিৰ্দেশ দিয়ে।
কাৰণ গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াটোত উলংঘা কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ বিধি। নিয়ম অনুসৰি অভিযুক্তক গ্ৰেপ্তাৰৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিব লাগে; কিন্তু তদন্তকাৰী বিষয়াই অৱগত নকৰিলে। আকৌ অভিযুক্তক আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি একাংশই উত্থাপন কৰা অভিযোগৰো কোনো উল্লেখ আৰক্ষীয়ে আদালতত দাখিল কৰা স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত নাই। স্বাভাৱিকতে ঘটনাৰ তদন্তকাৰী বিষয়াৰ এনে কর্মকাণ্ডও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।
এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই। তেওঁ কয় যে অসমীয়া জাতিৰ পৰিচয়ৰ ওপৰত চলা এই আক্রমণ মুঠেই সহ্য কৰা নহ’ব। দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ ভট্টাচাৰ্যই আৰক্ষীক দাবী জনায়। ইয়াৰ সমান্তৱালকৈ বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে এই ঘটনাক নিন্দা কৰি উচিত শাস্তিৰ দাবী জনাইছে। সেইদৰে ৰাজ্যজুৰি আজি এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্রতিক্রিয়া অব্যাহত আছে।
# বাঙালী জাতীয় পৰিষদ, অসমৰ তীব্ৰ গৰিহণা
বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাত শাৰদীয় উৎসৱৰ দেৱী বিসর্জন উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্যৰ দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক বাঙালী জাতীয় পৰিষদ, অসম কেন্দ্ৰীয় সমিতিয়ে তীব্র ভাষাৰে গৰিহণা জনাইছে। এক বিবৃতিত পৰিষদে কয়, ‘অসমীয়া ভাষা আৰু সংস্কৃতিৰ স’তে বিহু গভীৰভাৱে জড়িত। বিহু নৃত্যৰ দলৰ ওপৰত এনে আক্রমণ অতি দুখজনক আৰু নিন্দনীয়। শ্রীভূমি জিলা প্ৰশাসন আৰু চৰকাৰক ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰিবলৈ দাবী জনাইছো। লগতে ঘটনাৰ স’তে জড়িত লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিবলৈও দাবী জনাইছো।’
ভাষা আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰাটো সংকীর্ণ মানসিকতাৰ পৰিচয় বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতি চিত্ত পাল আৰু সাধাৰণ সম্পাদক উত্তম দাসে কয়, ‘এনে কার্যই অসমীয়া জাতিৰ পৰিচয় আৰু সংস্কৃতিক আঘাত কৰে। ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ নহয়, তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছো।’
# খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ তীব্র প্রতিক্রিয়া
 বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাত অসমীয়াৰ বাপতি সাহোন বিহু দলক আক্ৰমণ কৰা কাৰ্যত খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে তীব্র প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে এনে খিলঞ্জীয়া আৰু জাতিদ্রোহী কাৰ্যক গৰিহণা দিছে। খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ অধ্যক্ষ গোবিন্দ গায়ন, সচিব প্রধান কৃষ্ণ কান্ত দাস আৰু প্ৰচাৰ সচিব যুগান্ত বায়নে এই সন্দর্ভত এক বিবৃতিত কয় যে সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাই সামাজিক মাধ্যমত শ্রীভূমি জিলাত বিহু দলক আক্ৰমণ কৰা আৰু অসমীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত বাধা দিয়া বুলি উত্থাপন কৰা অভিযোগ অতি গুৰুতৰ আৰু অসমীয়া সংস্কৃতি অসমতে প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ একাংশ লোকে বাধা দিয়া কাৰ্য অসমীয়া জাতীয় জীৱনৰ বাবে বিপজ্জনক আৰু উদ্বেগজনক।
লগতে সংগঠনটোৱে অসমৰ জাতীয় জীৱনৰ অমূল্য সম্পদ বিহুক আৰু বিহু দলক আক্ৰমণ কৰা কাৰ্যত জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায়। খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে লগতে বিগত দুর্গাপূজাৰ সময়ত গুৱাহাটীৰ এটি ৰোডত অসমীয়া কোৱাৰ বাবে এজন যুৱ ব্যৱসায়ীক একাংশ দুর্বৃত্তই প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহানগৰীৰ মাজমজিয়াত অসমীয়া ভাষা কোৱাৰ বাবে এজন খিলঞ্জীয়া লোক প্রহৃত হ’ব লগা হোৱাটো অতি লক্ষ্যণীয় বুলি উল্লেখ কৰি এনে অসমীয়া ভাষা বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও মুখ্যমন্ত্রীক দাবী জনায়।
# তীব্র গৰিহণা মুছলিম ছাত্ৰ সন্থাৰ
শ্রীভূমিত বিহু দলক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে গভীৰ উদ্বেগ প্রকাশ কৰিছে মুছলিম ছাত্র সন্থা, অসম (মুছা)ৰ সভাপতি আশ্বিক ৰাব্বানী আৰু সাধাৰণ সম্পাদক ৰফিকুল ইছলামে। দুয়ো এক বিবৃতিত কয়, ‘বিহু অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। ই অসমীয়া জাতিৰ ঐতিহ্য, সংস্কৃতি আৰু সম্প্ৰীতিৰ প্ৰতীক। বিহুৰ দৰে সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যোৱা বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা কেৱল নিন্দনীয়ই নহয়; বৰঞ্চ ই অসমৰ শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশৰ বাবেও গভীৰ চিন্তাৰ বিষয়।’
সংগঠনটোৱে লগতে কয় যে কোনো কাৰণতে হিংসা, আক্রমণ বা ভয়-ভাবুকিৰে সাংস্কৃতিক পৰম্পৰা আৰু শিল্প-সংস্কৃতিৰ চৰ্চাত বাধা আৰোপ কৰিব নালাগে। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত যুগ যুগ ধৰি চলি অহা ঐক্য, সম্প্রীতি আৰু পাৰস্পৰিক সন্মানৰ পৰম্পৰা অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব বুলি মতপোফা কৰি সংগঠনটোৱে প্ৰশাসনক ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষী সাব্যস্ত হোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়। লগতে ভৱিষ্যতে যাতে এনে অপ্রীতিকৰ ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈও মুছাই দাবী জনায়। লগতে সংগঠনটোৱে সকলো শ্ৰেণীৰ ৰাইজক শান্তি, সম্প্রীতি, ভ্রাতৃত্ববোধ আৰু সাংস্কৃতিক ঐক্য অটুট ৰাখিবলৈ আহ্বান জনাইছে।
# অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত আক্ৰমণঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ
শ্রীভূমিত দুর্বৃত্তই সাংস্কৃতিক অনুষ্ঠানত বিহু দলৰ ওপৰত আক্রমণ চলাই ঢুলীয়াৰ ঢোল পর্যন্ত ভাঙি পেলোৱা ঘটনাক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিছে। সংগঠনটোৱে এই ঘটনাক কেবল এটা সাংস্কৃতিক দলৰ ওপৰত সংঘটিত আক্ৰমণৰূপে নহয়; বৰঞ্চ অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়, আত্মসন্মান আৰু স্বাভিমানৰ ওপৰত কৰা এক বৰ্বৰ আঘাতৰূপে অভিহিত কৰিছে। পৰিষদে কয়, ‘বিহু কেৱল অসমৰ এটি লোক-উৎসৱ নহয়; ই অসমীয়া জাতিৰ জীৱনবোধ, জাতীয় চেতনা, ঐতিহ্য আৰু অস্তিত্বৰ এক জীৱন্ত প্রতীক। বিহুৰ ঢোলৰ প্ৰতিটো চাপৰত অসমৰ মাটিৰ গোন্ধ, লোকজীৱনৰ সুৰ আৰু জাতীয় পৰিচয়ৰ প্ৰতিধ্বনি নিহিত হৈ আছে। এনে এক জাতীয় সাংস্কৃতিক সম্পদৰ স’তে জড়িত শিল্পী আৰু কলা-কুশলীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাটো অতি দুর্ভাগ্যজনক আৰু কোনো কাৰণতে গ্রহণযোগ্য নহয়।’
পৰিষদে লগতে স্পষ্টকৰি দি কয়, ‘সাংস্কৃতিক বৈচিত্র্যৰ মাজত পাৰস্পৰিক সন্মান, সম্প্রীতি আৰু সহাৱস্থানেই এখন সুস্থ সমাজৰ মূল আধাৰ। সংস্কৃতিৰ ওপৰত আক্ৰমণ চলাই কোনো সভ্য সমাজৰ ভেটি শক্তিশালী কৰিব নোৱাৰি। সেয়েহে চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লৈ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।’
# দোষীক কঠোৰ শাস্তিৰ দাবী চুতীয়া ছাত্ৰ সন্থাৰ
অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে একাংশ দুর্বৃত্তই ‘বৰাক উপত্যকাত অসমীয়া গান নচলিব’ আৰু ‘অনুষ্ঠান বন্ধ কৰ’ বুলি চিঞৰি বিহু দলৰ সদস্যসকলৰ স’তে সংঘাতত লিপ্ত হোৱা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। সন্থাৰ সভাপতি মহেন বৰাই কয় যে শ্রীভূমি জিলাৰ বৰগুল-আদৰকোনাৰ বিহু দলটোক হিন্দুস্তান ক্লাবে দুর্গাপূজাৰ সাংস্কৃতিক অনুষ্ঠানত বিহু পৰিৱেশনৰ বাবে আমন্ত্রণ জনাইছিল; কিন্তু দলটোরে অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে একাংশ লোকে ‘ইয়াত অসমীয়া নচলিব’ আৰু ‘অনুষ্ঠান বন্ধ কৰ’ বুলি চিঞৰি দলটোক অপদস্থ কৰাৰ লগতে বাঁহ আৰু লাঠিৰে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে।
স
ভাপতি বৰাই কয়, ‘এইখন অসম খিলঞ্জীয়া ভূমিপুত্ৰৰ অসম। অসমত অসমীয়া ভাষা, অসমীয়া সংস্কৃতি আৰু বিহু অনাদি-অনন্ত কাললৈ সুৰক্ষিত হ’ব লাগিব।’ তেওঁলগতে অসমীয়া বিহু কেৱল এটা নৃত্য-গীতৰ অনুষ্ঠান নহয়; বৰঞ্চ অসমৰ জাতীয় পৰিচয়ৰ অন্যতম প্রতীক বুলি উল্লেখ কৰি এনে ঘটনাৰ পুনৰাবৃত্তি বোধ কৰাৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সন্থাই ঘটনাৰ স’তে জড়িত সকলো অভিযুক্তক শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ত বৰাৰ লগতে মুখ্যমন্ত্রীক দোষীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।
বৰাই লগতে কয় যে অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু আৰু অসমীয়া সংগীতক কেন্দ্ৰ কৰি এনে আক্ৰমণৰ অভিযোগে ৰাইজক ক্ষুব্ধ কৰি তুলিছে। সাংস্কৃতিক অনুষ্ঠানত নিজৰ ভাষাৰ গীত পৰিৱেশন কৰাৰ বাবে শিল্পীসকলক অপদস্থ কৰা, প্ৰহাৰ কৰা আৰু তেওঁলোকৰ বাদ্যযন্ত্র নষ্ট কৰাৰ দৰে কাৰ্য কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে। মতানৈক্য থাকিলেও হিংসাৰ আশ্রয় লোৱাৰ অধিকাৰ কাৰো নাই।
# কংগ্ৰেছৰ প্ৰতিক্রিয়া: জাতীয় স্বাভিমানৰ ওপৰত গুৰুতৰ আঘাত
শ্রীভূমিৰ বদৰপুৰত এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনোৱা বিহু দলৰ ওপৰত চলোৱা আক্রমণক তীব্র ভাষাৰে গৰিহণা দিছে কংগ্রেছ। এই ঘটনা কেৱল একাংশ শিল্পীৰ ওপৰত কৰা আক্ৰমণ নহয়; বৰঞ্চ ই অসমৰ চহকী সাংস্কৃতিক পৰম্পৰা, সাতামপুৰুষীয়া সমন্বয় আৰু জাতীয় স্বাভিমানৰ ওপৰত কৰা এক গুৰুতৰ আঘাত বুলি আখ্যা দিছে কংগ্রেছে। এক বিবৃতিত দলে কয়, ‘বিহু অসমীয়া জাতিৰ পৰিচয়, আমাৰ প্ৰণৰ স্পন্দন আৰু জাতীয় অস্তিত্বৰ প্রতীক।
অসমৰ মাটিত বিহুক বিজতৰীয়া সংস্কৃতি বুলি প্রতিপন্ন কৰিবলৈ বিচৰা একাংশৰ এনে সংকীর্ণ মানসিকতা কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে। অসমৰ সংস্কৃতিৰ প্ৰতি এনে অৱজ্ঞা আৰু বিদ্বেষমূলক মানসিকতা পোষণ কৰা দুষ্কৃতিকাৰীসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰক চৰকাৰ প্ৰশাসনে।’ এই ঘটনাৰ স’তে জড়িত দোষীসকলক চিনাক্ত কৰি আইনৰ অধীনত দৃষ্টান্তমূলক কঠোৰ শাস্তি প্রদান কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনায় কংগ্রেছে।
# চুতীয়া যুৱ সম্মিলন, অসমৰ তীব্র প্রতিবাদ
শ্রীভূমি জিলাত দুর্গাপূজাৰ সাংস্কৃতিক অনুষ্ঠানত বিহু প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ কৰি নি পৰৱৰ্তী সময়ত অসমীয়া গীত পৰিৱেশন কৰিব নোৱাৰিব বুলি বাধা প্রদান কৰা, বিহু শিল্পীসকলক শাৰীৰিকভাৱে অপদস্থ কৰা আৰু অসমীয়া জাতিৰ বাপতি-সাহোন ঢোল ভাঙি দিয়াৰ ঘটনাক চুতীয়া যুৱ সম্মিলন, অসমে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। এক বিবৃতিত যুব সম্মিলনে কয়, ‘বিহু কেৱল এটা নৃত্য বা মনোৰঞ্জনৰ অনুষ্ঠান নহয়; বিহু অসমীয়া জাতিৰ স্বকীয় পৰিচয়, ঐতিহ্য, জাতীয় সত্তা আৰু সাংস্কৃতিক আত্মমর্যাদাৰ প্ৰতীক।
বিহু প্রদর্শনৰ বাবে শিল্পীসকলক আমন্ত্রণ জনাই নি তেওঁলোকক অসমীয়া গীত পৰিৱেশন কৰিবলৈ বাধা দিয়া, শাৰীৰিকভাৱে অপদস্থ কৰা আৰু তেওঁলোকৰ বাদ্যযন্ত্র ঢোল ভাঙি দিয়াৰ অভিযোগ সঁচা প্রমাণিত হ’লে, সেয়া কেৱল শিল্পীৰ প্ৰতি কৰা অপমানেই নহয়, বৰঞ্চ অসমীয়া ভাষা-সংস্কৃতিৰ প্রতিও এক গভীৰ অসন্মানজনক আচৰণ। কোনো ভাষা বা সংস্কৃতিক হেয় প্রতিপন্ন কৰি সমাজত বিভেদৰ পৰিৱেশ সৃষ্টি কৰাটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। এইঘটনাৰ স’তে জড়িত ব্যক্তি আৰু আয়োজকসকলৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি দোষ প্রমাণিত হ’লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক দাবী জনাইছো।’
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Attackbihua dalBreaking NewsCm Himantabiswa sarmalatest newsPolice Inquirysribhumi
publisher

publisher

Related Posts

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন
Assam

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

October 26, 2026
Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !
National

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

October 26, 2026
Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন
Assam

Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

October 26, 2026
Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা
Crime

Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

October 26, 2026
Supreme Court:ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল চন্দ্রচূড়ে
National

Supreme Court:ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল চন্দ্রচূড়ে

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d