Accident:
মহানগৰীৰ পাশ্বৱৰ্তী পানীখাইতিত বুধবাৰে পুৱা ৰেল আলিৰ দাঁতিত মুমূর্ষু অৱস্থাত দুটি কণমানি সন্তানসহ এগৰাকী মহিলাক উদ্ধাৰ কৰা হয়। নিশা সন্তান দুটিৰ এটিৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।
মহিলাগৰাকী বিলাসীপাৰাৰ বাসিন্দা কৃতী কুমাৰী বুলি চিনাক্ত কৰা হৈছে। আনহাতে, সন্তান দুটি প্রণয় সিং আৰু প্রজ্ঞা সিং। কৃতীৰ স্বামীৰ নাম ৰাজু সিং। উল্লেখ্য যে বুধবাৰে পুৱা স্থানীয় একাংশ লোকে এটি কণমানি শিশু আঘাতপ্রাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। শিশুটিয়ে মাতৃক বিচাৰি চিঞৰি আছিল।
শিশুটিক ৰাইজে উদ্ধাৰ কৰাৰ পাছত নাতিদূৰৈত ৰেল আলিৰ কাষৰ জংঘলত আন এটি শিশুসহ এগৰাকী মহিলাক পৰি থকা দেখা পায়। আৰক্ষীৰ সহযোগত তেওঁলোককো উদ্ধাৰ কৰি ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মুমূর্ষু অৱস্থাত থকা মহিলা গৰাকীয়ে জনায় যে তেওঁলোক ৰে’লৰ পৰা পৰিছিল। তেওঁলোকৰ ঘৰ বিলাসীপাৰাত। ইয়াৰ বাহিৰে মহিলা গৰাকীয়ে আন কোনো তথ্য প্রকাশ কৰিব পৰা নাছিল। পাছত চিকিৎসালয়তহে নাম প্রকাশ কৰিবলৈ সক্ষম হয়। তাৰ বাদে আন কোনো তথ্য মহিলা গৰাকীয়ে প্ৰকাশ কৰা নাই। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।






























