Paikan Eviction Update:
গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা-বেতবাৰীত কালি উচ্ছেদিত লোক আৰু আৰক্ষী-বনকৰ্মীৰ মাজত সংঘৰ্ষৰ পাছত আজি নিস্তব্ধতা সদৃশ পৰিস্থিতি বিৰাজ কৰিছে। বৃহত্তৰ অঞ্চলটোত এতিয়া আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে টহল দিছে। বৃহস্পতিবাৰে সংঘটিত ভয়াৱহ সংঘৰ্ষৰ পাছতে অঞ্চলটোত কোনো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰিছে আৰক্ষী প্রশাসনে। অঞ্চলটোত পহৰাৰ বাবে বিশেষভাৱে নিয়োগ কৰা হৈছে ৰেপিড একচন ফ’ৰ্চ। আৰক্ষী প্রশাসনে দাবী কৰা মতে পাইকান সংৰক্ষিত বনাঞ্চল এতিয়া সম্পূর্ণৰূপে বেদখলমুক্ত। জিলা আযুক্ত প্রদীপ টিমুঙে জনোৱা মতে, পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণাধীন আৰু এই পর্যন্ত ১০ জনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কয় যে বেদখলমুক্ত পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া বেদখলকাৰীৰ দপদপনি নাই।
ইপিনে, বৃহস্পতিবাৰে অগ্নিসংযোগ কৰা বিদ্যাপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদ কাঁটাতাঁৰ বেৰৰে ঘেৰি দিয়া হৈছে। অসম আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুলিগামে কয় যে পর্যাপ্ত নিৰাপত্তাৰক্ষীৰ পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণাধীন। তেওঁ কয়, ‘ইতিমধ্যে ঘটনাৰ লগত জড়িত ১০ জনক গ্ৰেপ্তাৰ কৰা হৈছে। চিনাক্তকৰণ প্রক্রিয়া চলি আছে আৰু অধিক লোক গ্ৰেপ্তাৰ কৰা হ’ব। এই ঘটনা সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰা হৈছে।’ ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকা বুলি তেওঁ কয়।
বৃহস্পতিবাৰে আক্ৰমণৰ ঘটনাত কম-বেছি পৰিমাণে আহত হোৱা ২২ জনৰ ভিতৰত ১৩ জন হৈছে বন বিভাগৰ লোক। এওঁলোকৰ ভিতৰত আছে কৃষ্ণাই আঞ্চলিক বন বিভাগৰ ভাৰপ্ৰাপ্ত বন বিষয়া মনিৰুদ্দিন সেখ। লগতে আছে এএফপিএফ আৰু ফৰেষ্ট গার্ড ক্ৰমে ৰাম শ্রেষ্ঠ, নীলিম আকাশ ভৰালী, পৰমেশ্বৰ বৰ্মন, ভাইটি হান্সে, দীপ দে, দীপিকা দিহিঙীয়া, দীপজ্যোতি দাস, জিন্টু বৰুৱা, চন্দীপ খানাল, সংগীতা ৰেগন, চাকিমুদ্দিন সেখ আৰু কনিষ্ঠা কলিতা।
আনহাতে আহত হোৱা নজন আৰক্ষী হৈছে সুকুমাৰ নাথ, জীৱন দাস, অপূর্ব কলিতা, ধনমণি ডেকা, মানস ৰয়, হজৰত আলী, দীপিকা ৰামচিয়াৰী, জয়শ্রী দাস আৰু বীণা বড়ো।




































