Chhattisgarh : ✒️বুধবাৰে মাওবাদী বিৰোধী অভিযানত দুগুণ সফলতা। ঝাৰখণ্ডৰ গুমলা জিলাত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হৈছে এজন শীৰ্ষ মাওবাদী নেতা। আনহাতে একেদিনাই চত্তীশগড়ৰ বস্তৰ সংমণ্ডলৰ বিজাপুৰ জিলাত নজন মাওবাদী সদস্যই আত্মসমৰ্পণ কৰে।
আৰক্ষীয়ে জনোৱা মতে, ইয়াৰে ছয়জনৰ মূৰৰ মূল্য আছিল মুঠ ২৪ লাখ টকা । বিজাপুৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে জনাইছে যে, বুধবাৰে নগৰাকী মাওবাদী নেতাই শীৰ্ষ আৰক্ষী আৰু চি আৰ পি এফ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণৰ কাৰণ আছিল, নিৰীহ খিলঞ্জীয়াৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰত হতাশা, নিষিদ্ধ সংগঠনটোৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা আভ্যন্তৰীণ বিবাদ।
লগতে তেওঁ কয়, আত্মসমৰ্পণ কৰা নক্সালসকলৰ ভিতৰত আছে মাওবাদী মেড ডিভিজনৰ সদস্য বাকছু ৱাম (২৭) যাৰ মূৰৰ মূল্য আঠ লাখ টকা। দুই এলেকা সমিতিৰ সদস্য বুধৰাম পোটাম (৩৬) আৰু হিদমা ওৰফে হিৰিয়া (২৬) যাৰ মূৰৰ মূল্য আছিল পাঁচ লাখ টকা।
উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মে’ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।সেই লক্ষ্যত উপনীত হৈ এই বছৰত কেৱল চত্তীশগড়তে বন্দুকৰ যুঁজত ২২৭ জন মাওবাদী নিহত হৈছে।






























