Nagaon city bus:
গুৱাহাটীৰ পিছত দ্বিতীয় সৰ্ববৃহৎ চহৰ ৰূপে পৰিচিত নগাঁৱতো অচিৰেই চলিব চিটি বাছ ৷ প্ৰথম পৰ্যায়ত চলিব ৬ খন কৈ চিটি বাছ ৷ উল্লেখ্য যে ,চিটিবাছত জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব বিনামূলীয়া সেৱা ৷
স্মতৰ্ৱ্য যে,ডেৰটা দশকৰ পূৰ্বে নগাঁও চহৰত চলিছিল চিটিবাছ ৷ চুবাৰবান বাছ সন্থাই চিটিবাছ সেৱা অব্যাহত ৰাখিছিল যদিও যাত্ৰী সংখ্যা কম হোৱা হেতুকে কম দিনৰ ভিতৰত এই সেৱা স্থবিৰ হৈ পৰে ৷
কিন্ত শেহতীয়াকৈ ১৯৩ বৰ্ষ পুৰণি চহৰ খনত জনসংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দাঁতি কাষৰীয়া অঞ্চল আৰু জিলা সমূহৰ পৰা অহা লোক সকলৰ যাতায়তৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছিল চিটিবাছ ৷ কেইদিনমান পূবে নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনে জিলা আয়ুক্তক সাক্ষাৎ কৰি নগাঁৱত চিটিবাছ সেৱা প্ৰৱৰ্তনৰ বাবে অনুৰোধ জনাইছিল ।






























