AASU Protest:
অবৈধ বিদেশী চিনাক্ত কৰি বহিষ্কাৰৰ দাবীত সোমবাৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্র সন্থাই উত্তাল কৰিলে দীঘলীপুখুৰী পাৰ ৷
অবৈধ বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰা,অসম চুক্তি ৰূপায়ণ, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা,
এনআৰচি উন্নীতকৰণ, খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ দাবীত নেছ’ৰ আহ্বানত অসম সহ উত্তৰ- পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীত নেছ’ৰ অন্তৰ্গত ছাত্ৰ সংগঠনবোৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
গুৱাহাটীটো সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এই
অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰে নেছ’ৰ উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,আছুৰ সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন ৷






























