Dhemaji:
অৱশেষত চাৰি বছৰৰ অন্তত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালে ৷ মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰা একেখন কলেজৰে গ্ৰন্থাগাৰৰ কৰ্মচাৰী ৰিন্টু শৰ্মাক আজি
ধেমাজী সত্ৰ ন্যায়াধীশ আদালতে মৃত্যুদণ্ডৰ ৰায়দান দিয়ে ৷ উল্লেখ্য যে,ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰিছিল ৷ ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে ঘাতক ৰিন্টু শৰ্মাক ৷
উল্লেখযোগ্য ২০২১ৰ ২১ আগষ্টত নন্দিতাক দাৰে উপযুপৰি ঘপিয়াইছিল ৰিন্টু শৰ্মা নামৰ যুৱকজনে । সংকটজনক অৱস্থাত নন্দিনীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা যদিও ৪ দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে ৷
ঘাতক ৰিন্টু শৰ্মা নন্দিতাই অধ্যয়ন কৰা মৰিঢল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী আছিল ৷ঘটনাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল ৰিন্টু শৰ্মাক ৷ সুদীৰ্ঘ চাৰিবছৰৰ পাছত ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বৃহস্পতিবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়দান দিয়ে |
ADVERTISEMENT






























