Meghalaya Incident:
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰে জড়িত থকাৰ অভিযোগত আটক ৫ উগ্ৰপন্থী ৷ ৰাজ্য খনৰ নংপো আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰা উগ্ৰপন্থী কেইজন হ’ল ধৰি বান্ধি লুন্ঠন চলোৱা উগ্ৰপন্থী দলৰ সদস্য কেইটা হাউনিট্ৰেপ নেচনেল ইয়ুথ মুভমেণ্ট নামৰ সংগঠনটোৰ সদস্য ৷ ধৃত উগ্ৰপন্থী কেইটা হ’ল ৰিকি টাংছাং, স্পাৰ্লি চিংক্লি, ডনবোক্লাং খাৰবাণী,আইবৰলাং মাৰ্বানিয়াং আৰু ক্ৰীউছ পাৰিঅং৷
উল্লেখ্য যে ১৯ আগষ্টত উমদিহাৰ- নংপো- উমছনিং সংযোগী পথত উগ্ৰপন্থী কেইটাই পৰ্যটকৰ এটা দলক ধৰি বান্ধি ভয়-ভাবুকিৰে কাঢ়ি নিছিল নগদ ধনৰ লগতে অন্যান্য সা- সামগ্ৰী ৷
এই সন্দৰ্ভত ভুক্তভোগী পৰ্যটকৰ দলটোৱে ডকাইতিৰ বিষয়ে নংপো আৰক্ষীক অৱগত কৰাৰ লগতে দাখিল কৰে এজাহাৰ ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত অভিযান চলাই ডকাইত ৰূপী উগ্ৰপন্থী কেইটাক আটক কৰিবলৈ সক্ষম হয় ৷






























