Morigaon Dist Jail:
মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলোৱা ২ কয়দী অৱশেষত জালত পৰিল কর্ণাটক আৰক্ষীৰ ৷ অসম আৰক্ষীৰ তথ্য অনুসৰি কৰ্ণাটক আৰক্ষীয়ে আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে দুই কয়দীক ৷উল্লেখ্য যে,আটকাধীন জিয়াৰুল ইছলাম, সুব্রত সৰকাৰে ১৯ আগষ্টত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ৷ আনহাতে জিলা কাৰাগাৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতিৰ কৰা বাবে ৰাজ্যৰ গৃহ বিভাগৰ আয়ুক্ত- সচিব দিগন্ত বৰাই জিলা কাৰাগাৰৰ মুখ্য কাৰা প্ৰহৰী দেৱী চেত্ৰী আৰু কাৰা প্ৰহৰী বিপুল ইংতিক নিলম্বন কৰিছে।
ADVERTISEMENT






























