Telengana:✒️হায়দৰাবাদৰ এটা কাৰখানাত আকস্মিকভাৱে অভিযান চলাই প্ৰায় ১২ হেজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। দাবী কৰা হৈছে যে ৰাসায়নিক কাৰখানাৰ নামত তাত চলিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাই আৰক্ষীৰ নিচা বিৰোধী দল আৰু অপৰাধ শাখাই এজন বিদেশীকে ধৰি মুঠ ১২জন লোকক গ্ৰেপ্তাৰ কৰিছে।
তদন্তকাৰীয়ে এই অভিযানক শেহতীয়াকৈ ড্ৰাগছ বিৰোধী অভিযানৰ ভিতৰত অন্যতম বুলি অনুমান কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত কাৰখানাৰ মালিক আৰু তেওঁৰ সহযোগীসকলো আছে।
ড্ৰাগছ সৰবৰাহকাৰীৰ জৰিয়তে তদন্তকাৰীয়ে তথ্য লাভ কৰে যে, কাৰখানাটোৰ আঁৰত কেনেকৈ এটা বিশাল ড্ৰাগছ তৈয়াৰী চক্ৰ চলি আছে।
একেটা মাদকেই মহাৰাষ্ট্ৰকে ধৰি আন ৰাজ্যতো বিয়পি পৰিছে। ইয়াৰ পাছতে মুম্বাই আৰক্ষীৰ এটা বিশেষ দলে কাৰখানাটোত অভিযান চলাবলৈ পৰিকল্পনা কৰে।
তদন্তকাৰী দলটোৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,ড্ৰাগছ কাৰখানাটোৰ স্থান বিচাৰি উলিয়াবলৈ আৰক্ষীৰ এজেণ্টে ড্ৰাগছ সৰবৰাহকাৰীৰ স’তে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে।
কেবা সপ্তাহৰ অন্তত ড্ৰাগছ কাৰখানাটোৰ স্থান উদ্ধাৰ হয়। ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই মাদক চক্ৰটো ভাঙিবলৈ সফল হয়।
কাৰখানাৰ স্বত্বাধিকাৰী শ্ৰীনিবাস ভলোটি আৰু তেওঁৰ সহযোগী তনাজী পাটৰো আৰক্ষীৰ জালত পৰিছে।
হায়দৰাবাদৰ চেৰলাপল্লী অঞ্চলৰ কাৰখানাটোত আৰক্ষীয়ে অভিযান চলাই ১২ হেজাৰ কোটি টকাৰ ড্ৰাগছৰ লগতে বহু পৰিমাণৰ কেঁচামাল আৰু ড্ৰাগছ প্ৰস্তুতৰ সঁজুলি উদ্ধাৰ কৰে।
তদন্তকাৰী বিষয়াৰ সূত্ৰ অনুসৰি উদ্ধাৰ হৈছে প্ৰায় ৩২ হেজাৰ লিটাৰ ড্ৰাগছ প্ৰস্তুতৰ কেঁচামাল। ইয়াৰ পাছতে কাৰখানাটো ছীল কৰা হৈছে।
আৰক্ষীৰ বিশেষ দল এটাই আন ড্ৰাগছ সৰবৰাহকাৰীক বিচাৰি উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে।






























