New business:✒️বহু উচ্চ শিক্ষিত ডেকা-গাভৰুয়ে সম্প্রতি ব্যৱসায় গঢ়াত মনোনিবেশ কৰিছে। কামৰ সৰু বৰ নাই চোৱা.. কেৱল কষ্ট কৰিছে। ‘কাম কৰ বনিজত ধৰ’ বোলা কথাষাৰৰ মান ৰাখি বহু অসমীয়ায়ো এই ব্যৱসায়িক মিচিলৰ সহযাত্রী হৈছে।
ব্যৱসায় কৰাৰ বাবে আগ্রহী যুৱক-যুৱতীসকলে দেশৰ অন্যতম জনপ্রিয় আৰু বৃহৎ দুগ্ধজাত সামগ্রী বিক্রেতা সংস্থা মাডাৰ ডেইৰীৰ ফ্রেন্সাইজী লৈ তুলনামূলকভাবে কম মূলধনৰে আগবাঢ়িব পাৰে।
কেনেদৰে সহযোগী হ’ব?
ৰাষ্ট্ৰীয় বিকাশব’র্ড ডেভেলপমেন্টৰ সহযোগী কোম্পানী মাডাৰ ডেইৰী ফুট এণ্ড ভেজিটেবিল প্রাইভেট লিমিটেডৰ ফ্রেন্সাইজী হ’বলৈ আপুনি কোনো ৰয়েল্টী মাচুল ভৰাৰ দৰকাৰ নাই। কেৱল বিনিয়োগ কৰিব পৰাকৈ ন্যূনতম পাঁচ লক্ষ টকা লাগিব।
সংস্থাটোৰ মিল্ক বুথ ফ্রেন্সাইজী মডেলৰ অংশ হৈ নিজাকৈ এখন বিপণী খুলি মিঠাইকে ধৰি এই ব্ৰেণ্ডৰ বিভিন্ন ধৰণৰ দুগ্ধজাত পণ্য বিক্ৰী কৰিব পাৰিব। মিঠাইৰ বাদেও এই ধৰণৰ বিপনীত ফুল ক্রীম মিল্ক, প্রিমিয়াম ফুল ক্রীম মিল্ক, টোনড় মিল্ক, ছুপাৰ-টি মিল্ক, ডায়েট মিল্ক, ক্লাছিক দৈ, মিঠা দৈ, পনিৰ, মাখন, পনিৰৰ টুকুৰা, পনিৰ স্প্রেড, ঘি ইত্যাদি উপলব্ধ কৰিব লাগিব।
কি কি নথিপত্ৰৰ প্ৰয়োজন হ’ব?
পৰিচয়ৰ প্ৰমাণপত্ৰ-আধাৰ কার্ড, পেন কার্ড আৰু ভোটাৰ আইডি কার্ড। ঠিকনাৰ প্ৰমাণপত্ৰ-ৰেছন কার্ড, বিদ্যুতৰ বিলৰ ফটোকপি। ইয়াৰ ওপৰঞ্চিভাৱে বেংক একাউন্ট, ই- মেইল আইডি তথা সম্পত্তিৰ নথিৰো প্রয়োজন হ’ব পাবে।
আয় কিমান হ’ব এই ব্যৱসায়ত?
এই ব্যৱসায়ত ফ্রেন্সাইজী লোৱাৰ বিনিময়ত যিমান বিনিয়োগ কৰিব তাৰ অতি কমেও ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণ ঘূৰাই পাব পাৰে। অৱশ্যে বিনিয়োগৰ সম্পূৰ্ণ পুঁজিৰ পৰিমাণ ঘূৰাই পাবলৈ প্রথমাৱস্থাত প্রায় তিনি বছৰ সময় লাগিব। আনহাতে, মাডাৰ ডেইৰীত বিনিয়োগ কৰি আপুনি প্রতি মাহে অনায়াসে ৩০ হেজাৰ টকাৰ লাভ উলিয়াব পাৰিব।
বিপণীখন আৰম্ভকৰাৰ বাবে যি যি বেনাৰ বা প্রমোচনৰ প্ৰয়োজন হয় তাৰ বাবে সংস্থাটোরে কিছু সাহায্য পুঁজিও আগবঢ়াব। স্মর্তব্য, ইতিমধ্যে সংস্থাটোৱে দেশৰ বেকাৰী ক্ষেত্ৰখনতো প্ৰৱেশৰ পৰিকল্পনাৰে তিনি ধৰণৰ কটি বা পৰঠা বজাৰলৈ আনিছে। উল্লেখ্য যে ফ্রেন্সাইজীৰ মাধ্যমেদি দেশজুৰি মাডাৰ ডেইৰীৰ প্ৰায় তিনি সহস্রাধিক বিপণী খোলা হৈছে।






























