Odisha:✒️শেহতীয়াকৈ ওড়িশাত ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। গোপালপুৰ, বালাসোৰ, বালাংগা, ব্ৰহ্মগিৰি আদি ঠাইয়ে শিৰোনাম দখল কৰিছে।এইবাৰ চৰকাৰৰ বিৰোধীয়ে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
কেৱল সেয়াই নহয়, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদীয় অধিৱেশনত বিৰোধী কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ কথা ঘোষণা কৰিছে।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্য বিধানসভাৰ আগন্তুক অধিৱেশনত শাসকীয় দলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ’ব বুলি বুধবাৰে কংগ্ৰেছে ঘোষণা কৰে।
কংগ্ৰেছ বিধায়কৰ এখন বৈঠকৰ অন্তত বিধানসভাত তেওঁলোকৰ দলৰ নেতা ৰামচন্দ্ৰ কদমে কয়,’মহিলাৰ সুৰক্ষা, আইন-শৃংখলা বজাই ৰখা, কৃষক, দলিত, জনজাতীয় আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যা সমাধানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।গতিকে আমি এই বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লৈছো।”
বিজেপি চৰকাৰক আক্ৰমণ কৰি কদমে কয় যে শাসকীয় দলটোৱে ৰাইজৰ আশা পূৰণ কৰাত ব্যৰ্থ হৈছে।
ৰাজ্যৰ মহিলাৰ ওপৰত হোৱা অত্যাচাৰ, নিবনুৱা সমস্যা, উদ্যোগীকৰণৰ নামত উচ্ছেদ বৃদ্ধি, সাৰ নাটনি আৰু অনুসূচিত জাতি/জনজাতিৰ আইনৰ সংশোধনীকে ধৰি বিৰোধী দলটোৱে বিধানসভাত কেবাটাও বিষয় উত্থাপন কৰিব বুলি ঘোষণা কৰে।
প্ৰসংগক্ৰমে ওড়িশা বিধানসভাৰ মুঠ ১৪৭খন আসনৰ ভিতৰত শাসকীয় বিজেপিৰ ৭৮খন আসন। মূল বিৰোধী দল বিজেপিত আছে ৫১ জন বিধায়ক। তদুপৰি কংগ্ৰেছৰ ১৪ জন, চি পি আই (এম)ৰ এজন আৰু তিনিজন নিৰ্দলীয় বিধায়ক আছে।অৰ্থাৎ সকলো বিৰোধী দলে একেলগে বিজেপিৰ বিৰুদ্ধে ভোট দিলেও বৰ্তমান ওড়িশা বিধানসভাৰ পৰিৱৰ্তন হোৱা নাই।






























