Zubeen Garg:✒️হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগক লৈ ব্যাপক চর্চা অব্যাহত আছে। চর্চা চলিছে যে জুবিনক কোনোবাই নিজৰ মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰি এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিলে নেকি?
জুবিনে ছিংগাপুৰত সাগৰৰ পানীত নামিছিল আৰু তাৰ ফলত তেওঁৰ মৃত্যু হয়। কাৰণ জুবিন অসুস্থ আছিল আৰু সেই কথা সকলোৰে জ্ঞাত। অসুস্থ জুবিনক কিয় লৈ যোৱা হৈছিল ছিংগাপুৰত ব্যক্তিগত প্রচেষ্টাত আয়োজিত বহু বিতর্কিত নর্থ-ইষ্ট ফেষ্টিভেললৈ; অথচ জুবিন যাবলৈ ইচ্ছুক নাছিল বুলিও সম্প্রতি দাবী কৰা হৈছে।
জুবিন যে যাব বিচৰা নাছিল, সেই কথা তেওঁৰ সোঁ-হাত স্বৰূপ হৰেশ্বৰ মহন্তই সদৰী কৰে। মহন্তই কয়, ‘জুবিন যোৱা ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ গৈছিল। তাৰ দুদিন পূর্বে মোক কৈছিল, মোৰ যাবৰ মন নাই, চিনেমাৰ কাম আছে, ডাবিঙৰ কাম আছে। কিন্তু নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজকে খুব কামুৰি আছে। চাওচোন যাওঁ নে নাযাওঁ। তাৰে দুদিন পাছতে জুবিন ছিংগাপুৰলৈ যায়। ময়ো জুবিনক কৈছিলো যে তোমাৰ চিনেমাৰ কাম আছে। গাটোও সিমান ঠিক নহয়। তুমি এতিয়া যাব নালাগে। যদি যাবৰ মন নাই, যাবই নালাগে।’
মহন্তই অভিযোগ কৰে যে একপ্ৰকাৰ বলপূর্বকভাৱেই জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। ২০ ছেপ্টেম্বৰত জুবিনৰ অনুষ্ঠান আছিল আৰু ১৭ছেপ্টেম্বৰতে লৈ গৈছিল।
একেদৰে সংগীত পৰিচালক অজয় ফুকনে কয় যে অসুস্থতাৰ বাবে প্রায় এমাহ বিৰতিৰ পাছত কেইদিনমান পূর্বে তেওঁৰ ষ্টুডিঅ’ত জুবিন গার্গে গান গাইছিল। গা ভালে নথকা বাবেই ছিংগাপুৰলৈ যাব নালাগে বুলি তেওঁ পৰামৰ্শ দিছিল। ফুকনে কয়, ‘মই দিয়া পৰামৰ্শৰ পাছত জুবিন গার্গে কৈছিল যে উত্তৰ-পূৰ্বাঞ্চলক প্রতিনিধিত্ব কৰি তেওঁ যাব লাগিব। সেইদৰে ওলাই যোৱা জুবিন চিৰদিনলৈ আমাৰ মাজৰ পৰা হেৰাই গ’ল।’
সংগীত পৰিচালকজনে ক্ষোভেৰে কয় যে এজন অসুস্থ মানুহক এনেদৰে লৈ যোৱাৰ পাছত তেওঁক সম্পূর্ণ সুৰক্ষিত ব্যৱস্থাৰে নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজকে ৰাখিব লাগিছিল। কাৰণ জুবিন গাৰ্গ এটা এলা-পেচা নাম নহয়, জুবিন গাৰ্গ অসমৰ অমূল্য সম্পদ। ফুকনে অভিযোগেৰে কয়, ‘ইয়াৰ পৰা জুবিন গাৰ্গক নি তাত প্রয়োজনীয় ব্যবস্থা নোলোৱাকৈ ৰখা হৈছিল। এজন অসুস্থ মানুহক কিদৰে ৰাখিব লাগে, তাৰ ব্যৱস্থা আয়োজকে নল’লে। তাৰ পৰিণতিতে আমি আজি কি হেৰুৱালো সেই কথা প্রকাশ কৰিবলৈ শব্দ নাই।’






























