Social media:✒️আজিৰ দিনত ডিজিটেল দৌৰত সামাজিক মাধ্যম মানুহৰ জীৱনত এক অভিন্ন অংগত পৰিণত হৈছে। বিশ্বৰ প্রায় প্রতিখন দেশৰ নাগৰিকে কম-বেছি পৰিমাণে সামাজিক মাধ্যম ব্যৱহাৰ কৰে।
কিন্তু আপুনি জানেনে বিশ্বৰ কোন দেশব বাসিন্দাই সামাজিক মাধ্যম সর্বাধিক ব্যৱহাৰ কৰে। সম্প্রতি এক সমীক্ষাত উল্লেখ কৰা মতে, বিশ্বৰ ভিতৰতে সামাজিক মাধ্যম ব্যৱহাৰত প্রথম স্থানত আছে ফিলিপাইন্স ফিলিপাইন্সৰ বাসিন্দাই দৈনিক গড়ে পাঁচ ঘণ্টা সময় সামাজিক মাধ্যম ব্যৱহাৰত ব্যয় কৰি আহিছে।
মনোৰঞ্জনৰ লগতে আন বিভিন্ন কামত ফিলিপাইন্সৰ নাগৰিকে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। দ্বিতীয় স্থানত থকা কলম্বিয়াৰ নাগৰিকে দৈনিক গড়ে তিনিঘণ্টা ৪৬ মিনিট সামাজিক মাধ্যম ব্যৱহাৰ কৰে।
কলম্বিয়াত মূলত চেটিং আৰু ভিডিঅ’ কনটেন্ট উপভোগৰ বাবে মানুহে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। দক্ষিণ আফ্রিকাৰ নাগৰিকে দিনে গড়ে তিনি ঘণ্টা ৪৩ মিনিট মনোৰঞ্জন আৰু বাতৰি লাভ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে।
চতুর্থ স্থানত থকা ব্রাজিলবাসীয়ে দৈনিক গড়ে তিনিঘণ্টা ৪১ মিনিট সামাজিক মাধ্যম ব্যৱহাৰ কৰে। আর্জেন্টিনাৰ বাসিন্দাই দৈনিক গড়ে তিনিঘণ্টা ২৬ মিনিট সক্রিয়তাৰে সামাজিক মাধ্যম ব্যবহাৰ কৰিছে।
আর্জেন্টিনাবাসীয়ে মূলত খেল আৰু মনোৰঞ্জনৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। এই তালিকাত ভাৰতৰ স্থান হৈছে ১৪ সংখ্যক। ভাৰতীয়সকলে দৈনিক গড়ে দুঘণ্টা ৩৬ মিনিট সামাজিক মাধ্যমত অতিবাহিত কৰে।
ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে যদিও অন্যান্য দেশৰ তুলনাত ভাৰতীয়সকলে সামাজিক মাধ্যমত কম সময় ব্যয় কৰিছে বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে।






























